Site icon Guwahati Times

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা

beautiful smiling young woman touching skin and looking at mirror in bathroom

লাহে লাহে শীতকালৰ আগমন ঘটিছে৷ শীতকালত বহুতৰে ছাল তথা চুলিৰ সমস্যাই দেখা দিয়ে৷ অলপ সচেতন নহ’লে শীতকালত আপোনাৰ সৌন্দৰ্য ম্লান পৰিব পাৰে৷ শীতকালত ছাল-তথা চুলিৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ যদিও সৌন্দৰ্য ৰক্ষা গোলাপ-জলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আহকচোন গোলাপ-জলৰ উপকাৰিতাৰ বিষয়ে কিছু জানি লওঁ –

আপুনি যদি দীৰ্ঘদিনীয়া উফিৰ সমস্যাত ভুগি আছে তেন্তে এতিয়াৰে পৰা আপুনি চুলিত গোলাপ-জল সানক। গোলাপ-জল প্ৰয়োগেৰে আপুনি উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

মুখখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰিবলৈ গোলাপৰ জল প্ৰয়োগ কৰা হয়। প্ৰায়সংখ্যক মহিলাই গোলাপৰ জলৰ পৰা উপকৃত হৈছে। কিন্তু গোলাপৰ জল কেৱল মুখৰ বাবেই নহয় চুলিৰ বাবেও অতি উপকাৰী। ইয়াক প্ৰয়োগ কৰিলে চুলিবোৰ অতি উজ্জ্বল, মিহি আৰু শক্তিশালী হয়। ইয়াৰ বাহিৰেও চুলিত গোলাপ জল প্ৰয়োগ কৰাৰ আন বহুতো লাভালাভ আছে।

চুলিত গোলাপৰ জল প্ৰয়োগ কৰাৰ পাছৰ আপোনাৰ মূৰৰ ছাল আৰু চুলি সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। আনকি আপোনাৰ উফিৰ সমস্যা থাকিলেও, আপুনি ব্যৱহাৰ কৰিব পাৰে গোলাপৰ জল । ই উফি আঁতৰাই চুলি শক্তিশালী কৰে।

গোলাপ জলত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যাৰ ফলত ই মূৰৰ ছালক অক্সিডেটিভ চাপৰ পৰা সুৰক্ষিত কৰে। ইয়াৰ পৰা আপুনি চুলি সৰাৰ পৰা পৰিত্ৰাণ পাব ।

মূৰৰ ছালত গোলাপ জল প্ৰয়োগ কৰি ৰক্তসঞ্চালন সঠিকভাৱে কৰা হয়, যাৰ ফলত চুলিৰ বিকাশ ভাল হয়। যদি আপুনি আপোনাৰ চুলি দীঘল কৰিব বিচাৰে, তেন্তে আপুনি ইয়াৰ বাবে গোলাপ-জল ব্যৱহাৰ কৰিব পাৰে।

Exit mobile version