ৰৌতাত বিদ্যুৎ স্পষ্ট হৈ দুটা পৰিয়াল সম্পূৰ্ণভাৱে ভষ্মীভূত

  • Desk Editor
  • 14th March 2020
  • Comments Off on ৰৌতাত বিদ্যুৎ স্পষ্ট হৈ দুটা পৰিয়াল সম্পূৰ্ণভাৱে ভষ্মীভূত

ৰৌতাত বিদ্যুৎ স্পষ্ট হৈ দুটা পৰিয়াল সম্পূৰ্ণভাৱে ভষ্মীভূত, প্ৰায় ৫লক্ষাধিক টকাৰ সামগ্ৰী ক্ষতিসাধন

ছমৰ আলি: ৰৌতা: ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাৱৰ বাসিন্দা আকবৰ আলী আৰু আব্দুল হাইৰ ঘৰত শুক্ৰবাৰে দিনৰ তিনি বজাত বিদ্যুত স্পষ্ট হৈ দুখন ঘৰৰ লগতে যাৱতীয় নথি পত্ৰ সম্পূৰ্ণভাৱে ভষ্মীভূত হয় ।
উক্ত ঘটনাত নুৰেদা খাতুন আৰু জমিলা খাতুন আংশিকভাৱে জুইত পুৰাৰ লগতে আব্দুল হাই গুৰুতৰ ভাৱে জুইত আঘাত প্ৰাপ্ত হয়।আব্দুল হাই গুৰুতৰ বাবে আহত হোৱাত ততালিকে ৰৌতা মডেল হাস্পাতাললৈ লৈ যায়। স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক যোগাযোগ কৰাত প্ৰায় এঘন্টা পলম কৰি ঘটনাস্থলীত উপস্থিত হয় যদিও ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।ঘটনাস্থলীত বিভিন্ন দল সংগঠনৰ লগতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জহুৰ উদ্দিন উপস্থিত হৈ বিদ্যুত বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ বাক্যবাণ কৰাৰ লগতে ভুক্তভোগী পৰিয়াল দুটাক সম্পূৰ্ণ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।ভুক্তভোগী পৰিয়াল দুটাই সকলো হেৰুৱাই মানসিক ভাৱে ভাগি পৰে আৰু চৰকাৰৰ লগতে বিদ্যুত বিভাগৰ বিভাগীয় কৰ্তৃপক্ষক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনায়।

error: Content is protected !!