ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।এক গোপন সূত্ৰৰ পমখেদি ৰূপহীহাটৰ গুনাবাৰীত আৰক্ষীয়ে অভিযান চলাই এই অভিযান ৷ আৰক্ষীৰ এই অভিযানত ১৭ টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক। দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গুনাবাৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ড্ৰগছ পেডেলাৰ বাহাৰুল ইছলাম, দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে। আৰক্ষীৰ উমান পায় লগত থকা আন দুই ড্ৰাগছ মাফিয়া দিলদাৰ হুছেইন আৰু মোস্তাফা আলম পলায়ন কৰে ।
ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান

