সোমবাৰে গেৰুৱা হ’ব ৰূপজ্যোতি কুৰ্মী

1 min read

কংগ্ৰেছী আদৰ্শৰ প্ৰয়াত মাতৃ ৰূপম কুৰ্মীৰ আদৰ্শৰে কংগ্ৰেছী হোৱা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাতৃৰ আদৰ্শ ত্যাগ কৰি সোমবাৰে যোগ দিব বিজেপিত।শুক্ৰবাৰে অসম বিধানসভাৰ অধ্যক্ষৰ হাতত বিধায়ক পদ ত্যাগ কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে মৰিয়নিৰ বিধায়ক গৰাকীয়ে।

উল্লেখ্য কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কুর্মীয়ে পদত্যাগ পত্ৰ দাখিল কৰি কয়- কংগ্ৰেছ দলক দুজনমান নেতাই ডুবালে। তেওঁলোকে নিজেও দলক উদ্ধাৰ কৰিব নোৱাৰে আৰু নতুন প্ৰজন্মৰ হাতত দলটো এৰিও নিদিয়ে’।

মৰিয়নি সমষ্টিৰ পৰা চতুৰ্থবাৰলৈ বিধায়কৰূপে নিৰ্বাচিত হৈছিল কুৰ্মী। আৰএছএছ-বিজেপিক এদিন দেখিব নোৱাৰা বিধায়ক গৰাকীয়ে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি দলৰ উৰ্দ্ধতন কর্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ কুৰ্মীয়ে দাখিল কৰাৰ সময়ত মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই সংগত কৰে। কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰিব লগা কুৰ্মীয়ে সমষ্টি উন্নয়নৰ স্বাৰ্থত বিজেপিত যোগ দিয়া বুলি প্ৰকাশ কৰে।

তাৎপৰ্যপূৰ্ণ কথা যে কংগ্ৰেছ দলৰ পৰা চতুৰ্থবাৰ বিধায়ক হৈ কুর্মীয়ে বিৰোধী দলৰ দলপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনখন বিচাৰিছিল। কিন্তু দলৰ শীর্ষনেতৃত্বই বিধায়ক গৰাকীক কোনো এখন আসন নিদিয়াৰ বাবে কংগ্ৰেছ ত্যাগ কৰা বুলি তেওঁ কয়।

You May Also Like

More From Author