Site icon Guwahati Times

বড়ো ভাষাত শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে

সোমবাৰে সদনত শপত গ্ৰহণ কৰে বিজেপিৰ দুজন, কংগ্ৰেছৰ এজনসহ ৰাজ্যসভাৰ ৬ নৱ নিৰ্বাচিত সাংসদে।

আজি শপত গ্ৰহণ কৰা সাংসদসকল ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা (বিজেপি, অসম); ৰণগৌৰা নার্জাৰী (ইউপিপিএল, অসম); জেবি মাথেৰ হিচাম (কংগ্ৰেছ, কেৰেলা); সন্দোশ কুমাৰ (চিপিআই, কেৰেলা); এ এ ৰহিম (চিপিআই-এম, কেৰেলা); আৰু এছ ফাংনন কন্যাক (বিজেপি, নাগালেণ্ড)।

উল্লেখ্য যে প্ৰথমবাৰলৈ উচ্চ সদনলৈ সাংসদ ৰূপে নিৰ্বাচিত হৈ যোৱা পৱিত্র মার্ঘেৰিটাই আজি কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ কৰা দেখা যায়। ইফালে বড়ো ভাষাত শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে।

 

Exit mobile version