গোলাঘাটৰ ৰূপালী আত্মহত্যা সন্দৰ্ভত ছহিদুল আলীক গ্রেপ্তাৰ

1 min read

গুৱাহাটী: বজালী মহকুমা সদৰ পাঠশালাত যোৱা পৰহি নিশা আত্মহত্যা কৰা ছাত্রীগৰাকী লাভ জেহাদৰ বলি হৈ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ আজি পাঠশালা আৰক্ষীয়ে অভিযুক্ত যুৱক ছহিদুল আলীক গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ত অধ্যয়নৰত তথা সম্প্রতি পাঠশালা প্রগতি নগৰত পৰিয়ালৰ লোকৰ সৈতে ভাৰাতীয়া হিচাপে বসবাস কৰি থকা গোলাঘাটৰ ছাত্রী ৰূপালী নাথ (২০)ৰ মৃতদেহ বাথৰুমত চিপ লৈ থকা অৱস্থাত পৰহি নিশা উদ্ধাৰ হৈছিল৷ এই ঘটনাক লৈ সমগ্র পাঠশালাত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ ইয়াৰ পিছত ওচৰ–চুবুৰীয়াই ঘটনাটো সম্পর্কত আৰক্ষীক অৱগত কৰাৰ ি পছতে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিপ লৈ থকা অৱস্থাত ছাত্রীগৰাকীৰ মৃতদেহ নমাই নিশাই আৰক্ষী চকীলৈ লৈ যায়৷

আৰক্ষীয়ে কালি যুৱতীগৰাকীৰ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷ আৰু এই আত্মহত্যা সন্দর্ভত পাঠশালা আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ বাতৰি ‘নিয়মীয়া বার্তা’ত ইতিমধ্যে প্রকাশ হৈছে৷ ইপিনে ছাত্রীগৰাকীৰ সৈতে পাঠশালা নগৰৰ ইছলামপুৰৰ ছহিদুল আলী ওৰফে ভেদা নামৰ এজন যুৱকে দীর্ঘদিন ধৰি প্রেমৰ অভিনয় কৰাৰ অভিযোগ উত্থাপিত হয়৷ ৰাহুল ৰয় নামৰ ভুৱা ফেচবুক একাউণ্ট খুলি ছহিদুলে ছাত্রীগৰাকীক প্রেমৰ জালত পেলোৱাৰ পিছতে তেওঁক বিভিন্ন ধৰণে মানসিক নির্যাতন দিয়া বুলি ছাত্রীগৰাকীৰ পৰিয়ালে অভিযোগ কৰে৷ কালি ছাত্রীগৰাকীৰ মাতৃয়ে এই আত্মহত্যাৰ বাবে যুৱকজনক দোষাৰোপ কৰি তেওঁৰ বিৰুদ্ধে পাঠশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ আনহাতে পাঠশালা আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদিকাৰ পদত থকা ছাত্রীগৰাকীৰ আকস্মিক মৃত্যু সম্পর্কত উচিত তদন্তৰ দাবী কৰি কালি পাঠশালা আঞ্চলিক ছাত্র সন্থাৰ তৰফৰ পৰাও পাঠশালা আৰক্ষী চকীত এখন স্মাৰক– পত্র প্রদান কৰা হয়৷ ইয়াৰ পিছতে পাঠশালা আৰক্ষী ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰে৷

ভেদাৰ মানসিক নির্যাতনৰ বলি হৈ ছাত্রীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰিব লগা হ’ল বুলি পৰিয়ালৰ তৰফৰ পৰা এজাহাৰত স্পষ্টভাৱে উল্লেখ থকাৰ পিছতে আজি আৰক্ষীয়ে লম্পট প্রেমিকজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হিন্দু যুৱকৰ নাম লৈ যুৱতীগৰাকীক লাভ জেহাদৰ বলি কৰা ভুৱা প্রেমিক ভেদাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছতে বৰপেটালৈ চালান দিয়ে৷ ইপিনে এই সমগ্র ঘটনা সন্দর্ভত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি অনুপল দত্ত পাঠকে প্রতিক্রিয়া ব্যক্ত কৰি ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক এনেদৰে প্রেমৰ বলি কৰাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে৷

(Niyomiya Barta)

You May Also Like

More From Author