তালিবানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী আফগানিস্তানত বন্দী

1 min read

 তালিবান(Taliban)ৰ বিৰুদ্ধে যুঁজ দিবলৈ হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী((Salima Mazari) তালিবানৰ হাতত বন্দী ৷ তালিবানৰ বিৰুদ্ধে স্থিতি ল’বলৈ সাহস কৰা আফগানিস্তান(Afghanistan)ৰ এইগৰাকী অন্যতম প্ৰথম মহিলা গভৰ্ণৰক ৰাষ্ট্ৰখনৰ বাল্খ প্ৰদেশ(Balkh Province)ত তালিবানে বন্দী কৰিছে বুলি জানিব পৰা গৈছে ৷ তালিবানৰ আতংকত বহু আফগান ৰাজনৈতিক নেতাই দেশ এৰি পলায়ন কৰাৰ সময়ত এইগৰাকী সাহসী মহিলা ছালিমা মাজাৰী বাল্খ প্ৰদেশৰ আত্মসমৰ্পণ(surrender of Balkh province)ৰ সময় পৰ্যন্ত দেশখনতে আছিল ৷

ছালিমা মাজাৰীক নেতা হিচাপে লৈ চাহাৰ কিন্টে তালিবানৰ বিৰুদ্ধে যথেষ্ট শক্তিশালী যুঁজত অৱতীৰ্ণ হৈছিল আৰু নিজৰ প্ৰদেশখনক পুনৰস্থাপন কৰাৰ উদ্দেশ্যে কঠোৰ শক্তিৰে প্ৰচেষ্টা চলাইছিল ৷

চূড়ান্ত পতনৰ আগমূহুৰ্তলৈকে চাহাৰ কিণ্টেই আছিল মহিলাৰ নিয়ন্ত্ৰণত থকা একমাত্ৰ প্ৰদেশ , যিখন কোনো সন্ত্ৰাসবাদী গোটৰ অধীনলৈ যোৱা নাছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত বৰ্ষত মাজাৰীয়ে 100 জন তালিবানৰ আত্মসমৰ্পন( surrender of 100 Taliban fighters)ৰ বাবেও আলোচনা আগবঢ়াইছিল ৷

You May Also Like

More From Author