Site icon Guwahati Times

চুলিৰ যত্ন ল’বলৈ ব্যৱহাৰ কৰক নিমখ !

ৰন্ধাৰ সোৱাদ বঢ়াবলৈ নিমখৰ কোনো বিকল্প নাই। কিন্তু শেহতীয়াকৈ, বহুলোকে শৰীৰৰ যত্ন ল’বলৈ নিমখ পৰিহাৰ কৰি চলে। বিশেষকৈ যদি উচ্চ ৰক্তচাপ, মধুমেহ বা হৃদৰোগৰ স’তে সম্পৰ্কিত কোনো সমস্যা হয়, চিকিৎসকে নিমখ খাবলৈ নিষেধ কৰে।

কিন্তু শৰীৰৰ যত্ন নল’লেও, চুলি ভাল ৰখাত নিমখ যথেষ্ট কাৰ্যকৰী। শুনি আচৰিত লাগিলেও চুলি ভাল ৰাখিবলৈ আৰু চুলি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধান কৰিবলৈ নিমখ অনায়াসে ব্যৱহাৰ কৰিব পাৰি।

নিমখে আপোনাৰ চুলিৰ যত্ন কেনেদৰে লয়?

(১) উফিৰ সমস্যা আঁতৰাবলৈ: উফিৰ সমস্যাত বহুলোকে ভোগে । যদি উফি থাকে, চুলি অধিক সৰে। উফিৰ ফলত ছালত ব্রণও হ’ব পাৰে। নিমখে মূৰৰ ছালত অতিৰিক্ত তেল শোষণ কৰি উফিৰ সমস্যা আঁতৰ কৰে। চেম্পুৰ স’তে অকণমান নিমখৰ মিহলি কৰি এই মিশ্ৰণ মূৰৰ ছালত ঘঁহিব পাৰে। বা নাৰিকল তেলৰ স’তেও নিমখ মিহলি কৰি মিশ্ৰণ তৈয়াৰ কৰি চুলিত প্ৰয়োগ কৰিব পাৰে। এনে কৰিলে উফিৰ সমস্যা হ্ৰাস হ’ব।

(২) চুলি সৰা হ্ৰাস কৰিবলৈ: অত্যাধিক প্ৰদূষণ, সঠিক যত্নৰ অভাৱত চুলি মুৰৰ তুলনাত মাটিত বেছি। চুলি সৰাৰ সমস্যা প্ৰতিহত কৰিবলৈ আপুনি চি-নিমখ ব্যৱহাৰ কৰিব পাৰে। এই নিমখটো চেম্পু কৰাৰ দুঘণ্টা আগতে তেলত মিহলি কৰি চুলিত ভালদৰে মালিচ কৰক। সপ্তাহত তিনিদিন এনে কৰিলে সুফল পাব।

(৩) চুলিৰ তৈলাক্ততা হ্ৰাস কৰিবলৈ: গৰমত ঘাম বেছি হয় । ঘাম, সূৰ্যৰ তাপ, বাহিৰৰ ধুলিৰ স’তে চুলি আৰু অধিক তৈলাক্ত হৈ পৰে। চুলিৰ তৈলাক্ততা আঁতৰাবলৈ আপুনি নিমখ ব্যৱহাৰ কৰিব পাৰে। চুলি ধোৱাৰ আগতে মূৰৰ ছালত অলপ নিমখ ছটিয়াই দিয়ক। নিমখে মূৰৰ ছালত অতিৰিক্ত তেল শোষণ কৰে চুলি ৰাখিব সুস্থ আৰু সুন্দৰ।

 

Exit mobile version