Site icon Guwahati Times

বিৰল ৰোগত আক্ৰান্ত দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা! কিন্তু কি হৈছে অভিনেত্ৰীগৰাকীৰ

এক বিৰল ৰোগত আক্ৰান্ত হৈছে দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা।

শনিবাৰে সামাজিক মাধ্যমত তেওঁ এই কথা নিজেই প্ৰকাশ কৰাৰ পিছতে অভিনেত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে তেওঁৰ অলেখ অনুৰাগীয়ে।

সামাজিক মাধ্যমত সামান্থাই প্ৰকাশ কৰা মতে, তেওঁ আক্ৰান্ত হোৱা ৰোগটোৰ নাম হৈছে মায়োচাইটিছ।

এই বিৰল ৰোগৰ ফলত তেওঁৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ভাল আৰু শক্তিশালী কোষবোৰক শত্ৰু হিচাপে ধৰি লৈ আক্ৰমণ কৰে।

যাৰ ফলত ভাগৰ লগা, পেশীত যথেষ্ট বিষ হোৱা আদি সমস্যাত ভুগিবলগীয়া হৈছে অভিনেত্ৰী সামান্থা।

বৰ্তমান তেওঁ প্ৰতিটো দিন যন্ত্ৰণাদায়ক হৈ পৰা বুলিও কয় দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে।

অৱশ্যে চিকিৎসকে তেওঁক সুস্থ হোৱাৰ আশ্বাস প্ৰদান কৰা বুলিও অনুৰাগীসকলক জনায় সুন্দৰী অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয় যে, সুস্থ হৈ উঠাৰ পিছত তেওঁ এই ৰোগবিধৰ বিষয়ে বিতংভাৱে জনাব।

উল্লেখ্য যে, শেহতীয়াকৈ মুক্তিলাভ কৰিছে সামান্থা অভিনীত ‘যশোধা’ নামৰ ছবিথনৰ ট্ৰেইলাৰ।

ৰোগাক্ৰান্ত অৱস্থাতো এই ছবিখনৰ বাবে ডাবিং কৰিছিল সামান্থাই। ছবিখনৰ ট্ৰেইলাৰটো সকলোৱে আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ জনায় অভিনেত্ৰীগৰাকীয়ে।

Exit mobile version