Site icon Guwahati Times

বংশৰ পৰম্পৰা ৰক্ষা কৰি বলীউডত ভৰি থলে সঞ্জয় কন্যা চানায়াই

অভিনেতা সঞ্জয় কাপুৰৰ কন্যা চানায়া কাপুৰে (Shanaya Kapoor) দেউতাক সঞ্জয় কাপুৰ আৰু দুজনকৈ বৰদেউতাক অনিল কাপুৰ আৰু বনি কাপুৰে দেখুওৱা পথত বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনে আজি এটা ছ’চিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে এই কথা জনাইছে। ছবিখনৰ শ্বুটিং অহা জুলাইত আৰম্ভ হ’ব।

উল্লেখ্য যে এই পৰিয়ালটোৰ পৰা বহুতো তাৰকাই বলীউডত আত্মপ্ৰকাশ কৰিছে। জাহ্নৱী, অৰ্জুন আৰু সোনমৰ পিছত এইবাৰ চানায়াই বলীউডৰ যাত্ৰা আৰম্ভ কৰিছে।

চানায়া নিজেই এই খবৰটোৰ বিষয়ে যথেষ্ট উৎসাহিত। তেওঁ এটা ছ’চিয়েল মিডিয়াত বাতৰিটো সত্যতা স্বীকাৰ কৰি লিখিছিল, ‘ধৰ্মা প্ৰডাকছনৰ পৰিয়ালৰ সৈতে জড়িত হৈ অতি সুখী। এটা নতুন যাত্ৰাৰ আৰম্ভণি হ’ব।’

 

Exit mobile version