Site icon Guwahati Times

বিভিন্ন দাবীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল চাওতাল জনগোষ্ঠীৰ বহুকেইটা সংগঠন।

বিভিন্ন দাবীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল চাওতাল জনগোষ্ঠীৰ বহুকেইটা সংগঠন।

সদৌ চাওতাল ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ আন কেইবাটাও সামাজিক সংগঠনে আজি চচলৰ ধৰ্ণা স্থলীত ২ঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
চাওতাল জনগোষ্ঠীৰ দুঘণ্টীয়া প্ৰতিবাদৰ মূলতে আছিল চাৰিটা দাবী।

চাওতাল সংগঠনসমূহৰ দাবী আছিল সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা দিয়া, অষ্ট্ৰিক মূলৰ চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ নামেৰে নামকৰণ কৰা, জনগোষ্ঠীটোৰ বাবে ভূমি সংৰক্ষণ কৰি অধিকাৰ ৰূপায়ণ কৰা আৰু চাওতালী ভাষাৰ শিক্ষক নিযুক্তি দিয়া।

Exit mobile version