Site icon Guwahati Times

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা,সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান

সৰুক্ষেত্ৰীত জুৱাৰ আড্ডা। সৰ্থেবাৰীত যোৱা নিশা জুৱাৰ ঘাটিত চলিল আৰক্ষীৰ অভিযান।
এই অভিযানত উচ্ছেদ কৰা হল জুৱাৰ ঘাটি।সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাঙ্গ দেব আৰু উপ পৰিদৰ্শক দ্বিপুল শৰ্মাৰ নেতৃত্বত নিশা চলিছিল অভিযান ।পাকা মৌজাৰ ৰামপুৰ সভা মহোৎসৱৰ কাষতে চলি আছিল জুৱাৰ আড্ডা।বালাপাৰা আৰক্ষী চকীৰ অধীনত সভা পূজা আদিৰ নামত চলি আহিছে জুৱাৰ মুকলি আড্ডা।বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিবিলাস দাসৰ ছত্ৰছায়াত এই জুৱাৰ আড্ডা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে।আৰু এই সন্দৰ্ভত বিশেষ সুত্ৰে লাভ কৰা খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰাঙ্গ দেবে চলাইছিল অভিযান।জুৱাৰ ঘাটিৰ পৰা চাৰিজনক আটক কৰিবলৈ সক্ষম হয় হয় আৰক্ষী।আৰু আজি ধৃত চাৰিওজন জুৱাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।আটকাধীন জুৱাৰী কেই গৰাকী হল ৰামপুৰৰ দীপক লহকৰ,ৰাতুল লহকৰ,মৃণাল কলিতা আৰু প্ৰণৱ ৰয়। জুৱাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী চলোৱা এনে অভিযানত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Exit mobile version