Site icon Guwahati Times

শনিবাৰ দিনটোত কি কি ক্ৰয় কৰিব লাগে কি কি নালাগে

শনিবাৰে শণিদেৱৰ দিন হয়। শাস্ত্ৰ অনুসাৰি শণিদেৱ সূৰ্য্যৰ পুত্র হয়। আৰু ব্ৰহ্মাৰ আৰ্শীবাদত শণিদেৱৰ প্ৰভাৱ সূৰ্য্য দেৱতকৈ বহু গুণ বেছি। আমাৰ সকলোৰে ৰাশিতে সূৰ্য্য দেৱ ১মাহৰ বাবে,চন্দ্ৰমা ২মাহ ২দিনৰ বাবে, মংগল ডেৰ মাহৰ বাবে, বুধ ১মাহ, বৃহস্পতি ১৩মাহ আৰু গুৰু ১মাহৰ বাবে থাকে কিন্তু শণিদেৱ যিকোনো ৰাশিতে ২বছৰৰপৰা চাৰে সাত বছৰ থাকে।সকলো মনুষ্যৰ ওপৰত শণিদেৱৰ প্ৰভাৱ তেওঁলোকৰ গ্ৰহৰ হিচাপত পৰে। যিমানপাৰে সকলোৱে শণিদেৱৰ বক্ৰদৃষ্টিৰপৰা সাৱধানে থাকিব লাগে।

শণিদেৱতাৰ সংখ্যা  ৮হয়।সেয়ে তলত উল্লেখ কৰা ৮টা বস্তু

শনিবাৰে কৰিব নালাগে।

১/শণিবাৰে লো বা লোৰ কোনো বস্তু ক্ৰয় কৰিব নালাগে।ৰজা বিক্ৰমাদিত্যই শণিদেৱতাক এখন লোৰ আসন দিছিল৷ যাৰ বাবে শণিদেৱতা ক্ৰদ্ধিত হৈ ৰজা বিক্ৰমাদিত্যক বক্ৰদৃষ্টিৰে চাইছিল।তেতিয়াৰপৰাই এই মান্যতা আছে যে শণিবাৰে লো ক্ৰয় কৰাটো অসুভ বুলি মনা যায়।কিন্তু ইয়াৰ বিপৰীতে শণিবাৰে লোৰ বস্তু দান কৰিলে শণিদেৱ প্ৰসন্ন হয় আৰু আপুনি শুভ ফল পায়।

২/শণিবাৰে ছাল বা ছালেৰে তৈয়াৰী বস্তু যেনে, জোতা, বেল্ট, পাৰ্চ আদি ক্ৰয় কৰিব নাপায়।যদি ক্ৰয় কৰে আপোনাৰ সফলতাত

বাধা আহিব পাৰে।

৩/শণিবাৰে যিকোনো তেল ঘৰলৈ আনিব নাপায়।শণিবাৰে ঘৰলৈ তেল আনিলে আপোনাৰ ঘৰখনলৈ দুখ কষ্ট বা বেমাৰ আজাৰ আহিব পাৰে।

৪/শণিবাৰে কয়লা অনাটো বৰ্জিত মনা হয়।কয়লা ৰং কলা বাবে, এই বাৰে ঘৰলৈ অনাৰ অৰ্থ শণিদেৱক অনা আৰু দ্বিতীয়তে কোনো প্ৰকাৰৰ ইন্ধন ঘৰলৈ আনিব নালাগে।এনে কৰিলে আপোনাৰ ঘৰখনত অশান্তি হয়।

৫/শণিবাৰে ভালো ঝাৰু ক্ৰয় কৰিব নালাগে। এই বাৰে অনা ঝাৰুৱে ঘৰখন ধ্বংস কৰে।

৬/শণিবাৰে কলা তিল ক্ৰয় কৰাটো বৰ্জিত মনা হয়। শণি দশাত কলা তিলৰ দান বিশেষ মহত্ব আছ।কিন্তু শণিবাৰে কলা তিলৰ আগমণে

শণিদেৱৰ আগমনৰ সমান হয়।

৭/শণিবাৰে নিমখ ক্ৰয় কৰিব নালাগে,শণিবাৰে অনা নিমখ ঘৰলৈ বেমাৰ আজাৰ আনে।

৮/শণিবাৰে চিয়াঁহী আনিব নাপায়।যদি আনে এয়ে আপোনাক কলংক দিব পাৰে।

Exit mobile version