23.3 C
Assam
Friday, October 7, 2022

Featured News

কোৰাণ সন্ত্ৰাসবাদীৰ হাতপুথি, মাদ্ৰাছা-মছজিদ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানাঃ এইবাৰ দাবী হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ

Assamese Newsকোৰাণ সন্ত্ৰাসবাদীৰ হাতপুথি, মাদ্ৰাছা-মছজিদ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানাঃ এইবাৰ দাবী হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ

কোৰাণ হৈছে সন্ত্ৰাসবাদীৰ হাতপুথি, মাদ্ৰাছা-মছজিদ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা। -এই বিস্ফোৰক মন্তব্য হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ।

মাদ্ৰাছা উচ্ছেদ প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া কৰি হিন্দুত্ববাদী নেতাজনে কয় যে মাদ্ৰাছা এখন নহয়, গোটেইবোৰেই ভাঙি পেলাব লাগে। কিন্তু তাৰ পূৰ্বে নিষিদ্ধ কৰিব লাগে কোৰাণ।

সত্যৰঞ্জন বৰাই কয়, ‘কোৰাণ সন্ত্ৰাসবাদীৰ হাতপুথি, মাদ্ৰাছা-মছজিদ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা। … তেওঁলোকৰ মতে মাদ্ৰাছা হেনো ধৰ্মীয় শিক্ষাৰ অনুষ্ঠান। ধৰ্মীয় শিক্ষাৰ অনুষ্ঠানত মানুহ হত্যাৰ কথা কয় নেকি?’

আনহাতে চৰকাৰে পাৰে বাবেই মাদ্ৰাছাত বুলড’জাৰ চলাইছে বুলি মন্তব্য কৰি মাদ্ৰাছা উচ্ছেদক সমৰ্থন জনায় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

উল্লেখ্য যে, জেহাদীৰ ঘাটী হিচাপে পৰিগণিত হোৱা ৰাজ্যৰ কেইবাখনো মাদ্ৰাছা ইতিমধ্যে উচ্চেদ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত শেহতীয়াকৈ কেইবাজনো মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ মৌলবাদী শক্তিৰ সৈতে সম্পৰ্ক থকাৰ তথ্য নিশ্চিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: