Site icon Guwahati Times

১৪ বছৰ বয়সত অসমৰ নগাঁৱত খেলিছিল প্ৰথম ক্ৰিকেট মেচ সৌৰভ গাংগুলীয়ে!

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ক্ৰিকেটাৰসকললৈ সুখবৰ কঢ়িয়াই আনি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় দিল্লী কেপিটেলছ ক্ৰিকেট একাডেমী। হোটেল ৰেডিছন ব্লু’ত আয়োজিত এক অনুষ্ঠানত ক্ৰিকেট একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সময়ত দিল্লী কেপিটেলছৰ সঞ্চালক তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ভাষণত সোঁৱৰণ কৰিলে অসমৰ সৈতে থকা তেওঁৰ ব্যক্তিগত স্মৃতি।

সৌৰভ গাংগুলীয়ে কয়- ”মোৰ ১৪ বছৰ বয়সত প্ৰথম আহিছিলোঁ অসমলৈ। নগাঁৱত প্ৰথমে ক্ৰিকেট মেচ খেলিছিলোঁ। পৰৱৰ্তী কালত নেহৰু ষ্টেডিয়াম আৰু মালিগাঁও ষ্টেডিয়ামতো ক্ৰিকেট খেলিছিলোঁ।”

গাংগুলীয়ে বৰ্ষাপাৰা ষ্টেডিয়ামখন বহুত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰি কৰ্তৃপক্ষক প্ৰশংসা কৰে। উল্লেখ্য যে প্ৰাক্তন ৰঞ্জি খেলুৱৈ জাকাৰিয়া জুফ্ৰী আৰু আইকন গ্ৰুপৰ অধ্যক্ষ দেৱাশিস বৰাৰ বিশেষ উদ্যোগত গুৱাহাটীত স্থাপন কৰা হৈছে এই একাডেমীখন।

Exit mobile version