Site icon Guwahati Times

SCERT ৰ ১০৫ কোটি কেলেংকাৰীঃ IAS শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ, কনিষ্ঠ কন্যাক জে’ললৈ প্ৰেৰণ…

এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰা আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ কনিষ্ঠ কন্যাক আজি প্ৰেৰণ কৰা হয় গুৱাহাটীৰ কেন্দ্ৰিয় কাৰাগাৰলৈ। দুৰ্নীতি পৰায়ণ বিষয়াগৰাকীৰ কনিষ্ঠ কন্যাও বিজেতা শৰ্মাও এই কেলেংকাৰীৰ সৈতে জড়িত হৈ আছিল।

বিজেতাৰ একাউণ্টত সোমাইছিল এছ চি আৰ টিৰ কেলেংকাৰীৰ ৪ কোটি ৯৯ লাখ টকা। উল্লেখ্য যে, এই বিয়োগাম দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে পলায়ন কৰিছিল শেৱালী দেৱী শৰ্মাই।

অৱশ্যে আজি আৰক্ষীয়ে তেওঁক ৰাজস্থানৰ আজমেৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জোঁৱায়েক অজিত পাল সিং, ঠিকাদাৰ ৰাহুল আমিন আৰু বনকৰা মহিলা মাজনী কাইথাক।

ইয়াৰ পাছতে আৰক্ষীয়ে আটাইকেইজনকে আজি ৰাজস্থানৰ এখন আদালতত হাজিৰ কৰি ট্ৰেনজিত ৰিমাণ্ডত লৈছে। কালিলৈ তেওঁলোকক লৈ অনা হ’ব গুৱাহাটীলৈ। ইফালে আৰক্ষীয়ে বিজেতা শৰ্মাক গ্ৰেপ্তাৰৰ পাছতে আজি সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছিল। আদালতে তেওঁক গুৱাহাটী কেন্দ্ৰিয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, এছ চি ই আৰ টিৰ কাৰ্যবাহী অধ্যক্ষ আৰু সঞ্চালক হৈ থকাৰ সময়ত শেৱালী দেৱী শৰ্মাই ২০১৭ ৰ পৰা ২০২০ ৰ ভিতৰত সংঘটিত কৰিছিল এই কেলেংকাৰী। অসম চৰকাৰৰ অনুমতি অবিহনেই শেৱালী দেৱী শৰ্মাই প্ৰায় ৫ টা বেংক একাউণ্ট খুলিছিল।

Exit mobile version