Site icon Guwahati Times

১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়:কেন্দ্ৰৰ বিশেষ গাইড লাইন

গুৱাহাটী:১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়।ইতিমধ্যে সেই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা।নতুন গাইড লাইন অনুসৰি ১৫ অক্টোবৰৰ পৰা স্কুল-কলেজসহ বিভিন্ন শিক্ষা প্রতিষ্ঠান খুলিব।এইক্ষেত্ৰত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ দি মানি চলিব লগা নীতি নিয়ম সমূহৰ বিষয়ে অৱগত কৰিছে দেশৰ শিক্ষাৰ মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে।স্কুল খোলাৰ ক্ষেত্ৰত সকলো চূড়ান্ত সিদ্ধান্ত ৰাজ্যৰ হাতত দিয়া হৈছে।স্কুল কেনেকৈ চলিব সেই সন্দৰ্ভত কেন্দ্ৰই গাইড লাইন জাৰি কৰিছে।উল্লেখযোগ্য যে,অসমৰ ক্ষেত্ৰত ক্লাছসমূহ এক নৱেম্বৰৰ পৰাহে খোলাৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰৰ বিশেষ গাইড লাইন———

১) স্কুল বা কলেজ খোলাৰ পূৰ্বে সংশ্লিষ্ট মেনেজমেন্টেৰ সৈতে পৰিস্থিতিৰ সকলো ফালৰ পৰা বিচাৰ বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব৷

২) অভিভাৱকৰ লিখিত অনুমতি নাথাকিলে কোনো স্কুলে ক্লাছ আৰম্ভ কৰিব নোৱাৰে।

৩) স্কুল-কলেজ খোলাৰ পূৰ্বে কেম্পাচৰ প্ৰতিটো চুক–কোণ সম্পূৰ্ণ জীৱাণুমুক্ত কৰাটো প্ৰয়োজন।

৪) শিক্ষাৰ্থীসকলৰ স্কুল অহা যোৱা কৰাৰ ক্ষেত্ৰত যি বা বা পুল কাৰসমূহ থাকিব সেই সমূহো চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগিব।

৫) মিড ডে মিল তৈয়াৰ আৰু বিতৰণৰ ক্ষেত্ৰতো অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগিব।

৬) ক্লা আৰম্ভ হ’লে শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছচিয়েল ডিচটেন্সিঙ মানি চলিব লাগিব।

৭) শিক্ষাদান কৰা শিক্ষকসকলে সকলো সময়তে মাস্ক পিন্ধি থকা বাধ্যতামূলক।

৮) কোনো শিক্ষাৰ্থীয়ে যদি ক্লাছৰ সলনি অনলাইন ক্লাছ কৰাৰ মন কৰে সেয়া সুবিধা দিব লাগিব।

৯) বন্ধ কোঠাত বতাহৰ চলাচল নিশ্চিত কৰিব লাগিব।

১০)ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ স্থানীয় প্ৰয়োজনীয়তা অনুসৰি স্বাস্থ্য তথা সুৰক্ষাৰ সাৱধানতাৰ ক্ষেত্ৰত নিজাকৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

Exit mobile version