Site icon Guwahati Times

পহিলা জানুৱাৰীৰ পৰা কি কি নিয়ম মানি বিদ্যালয় খুলিব পাৰিব পঢ়ি জানি লওঁক

ৰাজ্যত ক’ভিড-১৯ৰ বাবে বিগত ৯ মাহ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পহিলা জানুৱাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ব।বিদ্যালয়সমূহ কিদৰে মুকলি কৰিব পৰা যাব,তাৰ বাবে শিক্ষাবিভাগে ইতিমধ্যে জাৰি কৰিছে এছঅ’পি। শিক্ষা বিভাগৰ প্ৰকাশিত নির্দেশ অনুসৰি বিদ্যালয়সমূহত উচ্চ প্ৰাথমিকৰ পৰা নিয়মিত পাঠদান আৰম্ভ হ’ব৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সপ্তাহত তিনিদিন পাঠদান কৰা হ’ব।সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান। আনহাতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৎ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত হব। পাঠদান পুৱা ৯ বজাৰ পৰা বিয়লি ১.৪৫বজালৈ হ’ব।।দুপৰীয়া ১২.১৫বজাৰ পৰা ১২.৪৫ বজালৈ মধ্যাহ্ন ভোজনৰ বিৰতি। উল্লেখ যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক নহয়৷অভিভাৱকৰ অনুমতি সাপেক্ষ ছাত্ৰ-ছাত্ৰী আহিব পাৰিব বিদ্যালয়লৈ।প্ৰয়োজন সাপেক্ষে চলি থাকিব অনলাইন পাঠদান৷ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাই বাধ্যতামূলকভাৱে ক’ভিড পৰীক্ষা কৰিব লাগিব৷সপ্তাহত প্ৰতি দেওবাৰৰ দিনা ছেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠানসমূহত। একেদৰে প্ৰতিমাহে শিক্ষক, কৰ্মচাৰীয়ে কৰাব লাগিব ক’ভিড টেষ্ট। যিসমূহ ছাত্ৰ-ছাত্ৰীৰ বয়স ৫ বছৰৰ তলৰ তেওঁলোক বিদ্যালয়লৈ আহিব নোৱাৰিব। উচ্চ মাধ্যমিক (ষষ্ঠ আৰু সপ্তম শ্ৰেণীলৈ), মাধ্যমিক (নৱমৰ পৰা দশমলৈ) আৰু উচ্চ মাধ্যমিক (একাদশ আৰু দ্বাদশ) পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ ১জানুৱাৰীৰ পৰা প্ৰতিদিনে চলাব লাগিব। আনহাতে,হোষ্টেল মুকলি সন্দৰ্ভত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰে হোষ্টেলত অন্য ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।ব্যক্তিগত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো এই নীতি–নিয়মাৱলী প্ৰযোজ্য হ’ব।

Exit mobile version