মেট্ৰিক পৰীক্ষা সন্দৰ্ভত SEBA কৰ্তৃপক্ষলৈ ১১দফীয়া পৰামৰ্শ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

1 min read

ক’ৰ’নাৰ জটিল পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ছেবাৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰিলে ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ প্ৰতিনিধি দলে। ছেবা কৰ্তৃপক্ষক সাক্ষাৎ কৰি ছাত্ৰ সংগঠনটোৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ১১দফীয়া পৰামৰ্শৱলীৰে স্মাৰক পত্ৰ প্ৰদান কৰে।

ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ মানসিকভাৱে হতাশাগ্ৰস্ত হৈছে।অসমত যিহেতু আৰু কেইদিনমান  পিছতে বানপানীৰ বতৰ আহিব ৷ ফলত বহুতো ছাত্ৰ-ছাত্ৰী বিপদৰ সন্মুখীন হ’ব আৰু পৰীক্ষা দিয়াৰ পৰাও বঞ্চিত হ’ব লগীয়া পৰিস্থিতি উদ্ভৱ হ’ব পাৰে। গতিকে শীঘ্ৰে পৰীক্ষা হোৱা নোহোৱা বিষয়টো সুস্থিৰ সিদ্ধান্তৰে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে।

ছেবাৰ অধ্যক্ষ-সচিবলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত ছাত্ৰ সংগঠনটোৱে পৰীক্ষাৰ সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শসমূহ হৈছে- স্বাস্থ্য বিধি মানি শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।

তিনিটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে সংগঠনটোৱে। কাৰণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ শিক্ষা জীৱনত সমস্যাৰ সৃষ্টি হ’ব। লাগিলে নম্বৰ আৰু পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ বিষয়সমূহৰ মূল্যাংকন পূৰ্বতকৈ শিথিল কৰিব লাগে।

পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰিব লাগে। দূৰণিবটীয়া পৰীক্ষাৰ্থী সকলৰ বাবে নিকটৱৰ্তী বিদ্যালয়ত কেন্দ্ৰ স্থাপন কৰিব লাগে।

পৰীক্ষা কেন্দ্ৰত জড়িত শিক্ষক- কৰ্মচাৰী সকলোকে ভেক্‌চিন প্ৰদান কৰিব লাগে।

পৰীক্ষা অনুষ্ঠিত হোৱাৰ এমাহৰ আগত সময়সূচী ঘোষণা কৰিব লাগে।

ক’ভিড আক্রান্ত পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰাৰো পৰামৰ্শ আগবঢ়াই সংগঠনটোৱে।

উল্লেখ্য, ছেবা কাৰ্যালয়ত বুধবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু প্ৰাঞ্জল কলিতাই।

You May Also Like

More From Author