ছেবাৰ অসমীয়া ভাষাবিৰোধী জাননীঃ সংশোধনৰ প্রতিশ্রুতি অধ্যক্ষ ৰমেশ জৈনৰ

0 min read

অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) অলপতে মাধ্যমিক পাঠ্যক্রমত অসমীয়া ভাষা বিষয় অন্তর্ভুক্তি সম্বন্ধে জাৰি কৰা বিতর্কিত জাননীখন পুনৰ সংশোধিত ৰূপত প্রস্তুত কৰিব বুলি প্রতিশ্রুতি দিছে৷ এই সংক্রান্তত সোমবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কার্যালয়ত সভাৰ সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক সমন্বিতে উচ্চ পর্যায়ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জাননীখন পুনৰ সংশোধিত ৰূপত প্রস্তুত কৰিব বুলি প্রতিশ্রুতি দিয়ে৷

উল্লেখ্য যে ছেবাই যোৱা ১২ এপ্রিলত প্রকাশ কৰা জাননীখন অসমীয়া ভাষা আৰু অসমবিৰোধী আখ্যা দি সদৌ অসম ছাত্র সন্থাই ইয়াক বাতিল কৰাৰ দাবী জনাইছিল৷ ইয়াৰ পিছতে ছেবাই কালি জাননীখন সাময়িকভাৱে স্থগিত ৰাখে৷ এই জাননীখন সংক্রান্তত সোমবাৰে অনুষ্ঠিত সৌহার্দ্যপূর্ণ বৈঠকত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই জাননীখন স্থগিত ৰখাত সন্তোষ প্রকাশ কৰে আৰু জাননীখন সম্পূর্ণৰূপে বাতিল কৰিব বুলি আশা প্রকাশ কৰে৷

বৈঠকৰ অন্তত সভাপতি কুলধৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে বৈঠকত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জাননীখনৰ কিছু গুৰুত্বপূর্ণ কথা তথ্যসহকাৰে সদৰী কৰে৷ লগতে সমগ্র বিষয়টো সংশোধনীৰে ছেবাই সাময়িকভাৱে জাননীখন স্থগিত ৰাখি পৰামর্শ বিচাৰে৷ বৈঠকত অধ্যক্ষ জৈনৰ কথাখিনি উপস্থিত আটায়ে ফঁহিয়াই আলোচনা কৰে৷ ইয়াৰ পিছত সাহিত্য সভাকে ধৰি বৈঠকত উপস্থিত আটাইকেইটা সংগঠনৰ পৰা ৰমেশ চান্দ জৈনে লিখিত পৰামর্শ বিচাৰে আৰু পৰামর্শসমূহ ছেবাই ইতিবাচক মনোভাবেৰে আৰু যথোচিত গুৰুত্বসহকাৰে বিবেচনা কৰি পুনৰ সংশোধিত ৰূপত প্রকাশ কৰিব বুলি কয়৷

উল্লেখ্য যে ছেবাৰ জাননীখনত অসমীয়া ভাষাটোক একপ্রকাৰ এলাগী কৰাৰ পদক্ষেপ লোৱা হৈছিল৷ জাননীখনত কোৱা হৈছিল যে অসমীয়া ভাষাটো কোনো ছাত্র–ছাত্রীয়ে মুখ্য বিষয় হিচাপে নলৈ ঐচ্ছিক বিষয় হিচাপে ল’ব পাৰিব আৰু যদি মুখ্য বা ঐচ্ছিক কোনো এটা শিতানতেই ল’ব নিবিচাৰে তেতিয়াও নম্বৰৰ তালিকাত যোগ নোহোৱা এটি বিষয় হিচাপে পঢ়িব লাগিব৷ অর্থাৎ অসমীয়া মাতৃভাষা কোৱা ছাত্র–ছাত্রীয়েও অসমীয়া বিষয় নপঢ়াকৈ শিক্ষা সাং কৰিব পাৰিব৷ স্বাভাৱিকতে ছেবাৰ এই অসমীয়া ভাষাবিৰোধী নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সদৌ অসম ছাত্র সন্থা৷ ছাত্র সন্থাই ছেবাৰ এই জাননীক অসমীয়া ভাষা আৰু অসমবিৰোধী আখ্যা দি ইয়াক বাতিল কৰাৰ দাবী জনাইছিল৷

উল্লেখ্য যে ছেবাৰ শিক্ষার্থীৰ বাবে ভাষা বিষয়ক এক নীতিগত সিদ্ধান্ত আছিল যে যিসকল ছাত্র–ছাত্রীৰ মাতৃভাষা অসমীয়া তেওঁলোকে অসমীয়া বিষয়ত উত্তীর্ণ নোহোৱাকৈ পৰীক্ষাত কৃতকার্য হ’ব নোৱাৰে৷ বৰঞ্চ অন্যান্য মাতৃভাষা কোৱা ছাত্র–ছাত্রীয়েও ইচ্ছা কৰিলে অসমীয়া বিষয়টো মুখ্য বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পাৰিব৷ ছাত্র সন্থাই এই নীতিৰ পৰা এচুলিমানো লৰচৰ নহ’বলৈ ছেবা কর্তৃপক্ষক সকীয়াই দিছিল৷

ইয়াৰ পিছতে ছেবাই কালি উক্ত জাননীখন সাময়িকভাৱে স্থগিত ৰাখে৷ আজিৰ বৈঠকত সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী, প্রধান সম্পাদক যাদৱ চন্দ্র শর্মা, ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিকে ধৰি অসম মাধ্যমিক শিক্ষক–কর্মচাৰী সন্থা, অসম প্রাথমিক শিক্ষক সন্মিলনী, অসম হাইস্কুল শিক্ষক সন্থা, সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক উপস্থিত থাকে৷ বৈঠকত ছাত্র সন্থাৰ প্রতিনিধি দুগৰাকীয়ে মত পোষণ কৰে যে অসমত মাতৃভাষা যাৰ অসমীয়া সেই ছাত্রই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়টো পঢ়িবই লাগিব৷

You May Also Like

More From Author