Site icon Guwahati Times

একাদশ শ্রেণীৰ নামভৰ্তিকলৈ শিক্ষা বিভাগৰ নিৰ্দেশনা, সবিশেষ পঢ়ি জানি লওঁক

ক’ৰ’না পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নকৰা পৰ্যন্ত ৰাজ্যত একাদশ শ্ৰেণীৰ নামভৰ্তি স্থগিত ৰখাৰ নিৰ্দেশ শিক্ষা বিভাগৰ। মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলোকে মেট্ৰিকৰ ফলাফল ঘোষণা নোহোৱালৈকে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ নকৰিবলৈ আহ্বান শিক্ষা বিভাগৰ। শনিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত স্থগিত হৈ আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰিৱেশ সুস্থ অৱস্থালৈ ঘুৰি আহিলে শীঘ্ৰে ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা।ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা কৰ্তৃপক্ষ সাজু হৈ থকা বুলি ঘোষণা কৰিছে।

Exit mobile version