হাতীগাঁৱত দেহ ব্যৱসায়ত জড়িত ৩ মহিলাসহ দুজনক গ্রেপ্তাৰ

0 min read

গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি চলি আহিছে নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়৷ একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি চলি অহা দেহ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ গুৱাহাটী দেহ ব্যৱসায়ী চক্রৰ ঘাটি হিচাপে পৰিগণিত হাতীগাঁৱত কালি আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ী চক্রৰ সৈতে জড়িত তিনিগৰাকী মহিলাসহ দুই যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাতীগাঁও আৰক্ষীয়ে কালি অনুপম পথত অভিযান চলাই দেহ ব্যৱসায়ী চক্রটোৰ লগত জড়িত আক্কাছ আলী আৰু জাইদুল ইছলামৰ লগতে তিনিগৰাকী মহিলাক হাতেলোটে আটক কৰে৷

আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত অনুপম পথত অভিযান চলাই দেহ ব্যৱসায়ী চক্রটো আটক কৰি হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰে৷ সম্প্রতি আৰক্ষীয়ে দেহ ব্যৱসায়ী চক্রৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা মহিলাসহ দুই যুৱকক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত যুৱক আৰু মহিলাকেইগৰাকীয়ে দেহ ব্যৱসায়ী চক্রৰ সৈতে জড়িত থকা লোকসকলৰ তথ্য ফাদিল কৰিছে৷ তদন্তৰ খাটিৰত হাতীগাঁও আৰক্ষীয়ে এই তথ্য প্রকাশ কৰা নাই যদিও শীঘ্রেই দেহ ব্যৱসায়ী চক্রটোৰ সৈতে জড়িত কেইবাজনো লোক জালত পৰিব বুলি আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰিছে৷

You May Also Like

More From Author