Site icon Guwahati Times

প্ৰেগনেন্টৰ উৰাবাতৰি প্ৰসংগত শিৱানীৰ ভাষ্য

শিৱানী দাণ্ডেকাৰে শেহতীয়াকৈ আপলোড কৰা কেইখনমান ফটোৱে খলকনি তুলিছে সামাজিক মাধ্যমত ৷ ফটো দেখি নেটিজেনে অনুমান কৰিছে শিৱানী আৰু ফাৰহান ইতিমধ্যেই সাজু হৈছে তেওঁলোকৰ প্ৰথম সন্তানক আদৰিবলৈ !

উৰাবাতৰিত অতিষ্ঠ হৈ অৱশেষত মুখ খুলিলে শিৱানীয়ে (Shibani on pregnancy rumours) ৷ বুধবাৰে এটা টিউব টপ আৰু শ্বৰ্ট্ছ পিন্ধি নেটিজেনলৈ বুলি এটা ভিডিঅ’ এৰিলে শিৱানীয়ে ৷ নিজকে আইনাত স্পষ্টকৈ দেখুৱাই প্ৰকাশ কৰা ভিডিঅ’টোত শিৱানীয়ে লিখে, “এইটো তাকিলা আছিল”!

গাত লিপিট খাই থকা ড্ৰেছ পৰিধান কৰি কৰা ফটোশ্বুটৰ ফটো শিৱানীয়ে পোষ্ট কৰাৰ পিছৰে পৰাই সন্তান সম্ভৱাৰ বাতৰি জুইৰ দৰে বিয়পি পৰিছিল ৷ অৱশেষত মুখ খুলিবলৈ বাধ্য হ’ল তেওঁ ৷

তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত চলিত বৰ্ষৰ 19 ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হয় ফাৰহান-শিৱানী ৷

Exit mobile version