Site icon Guwahati Times

Super Dancer Chapter ত কৰিশ্মা কাপুৰে ল’লে শিল্পা ছেট্টীৰ স্থানঃ টুকিলে চকুপানী

অশ্লীল ছবি নির্মাণ কৰি বিভিন্ন এপৰ জৰিয়তে তাক মুকলি কৰি দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা ৰাজ কুন্দ্রাৰ বাবে ৰিয়েলিটি শ্ব’ৰ পৰা আঁতৰি আছে বলীউডৰ অভিনেত্রী শিল্পা ছেট্টী। কেইবাখনো ৰিয়েলিটি শ্ব’ত বিচাৰকৰ দায়িত্বত আছিল মোহময়ী অভিনেত্রী শিল্পা ছেট্টী।

এইবাৰ Super Dancer Chapter 4 ত শিল্পা ছেট্টীৰ অনুপস্থিতিত দেখা গ’ল অভিনেত্ৰী কৰিশ্মা কাপুৰক। এই সপ্তাহত আহিবলগীয়া খণ্ডটোত কৰিশ্মা কাপুৰ বিশেষ অতিথি হিচাপে আহি আছে।

উল্লেখ্য যে কৰিশ্মা কাপুৰক অনুষ্ঠানটোত আৱেগিক হোৱা দেখা যাব। অনুষ্ঠানটোৰ প্ৰতিযোগী পৃথ্বীৰাজে তেওঁৰ গুৰুৰ সৈতে কৰিশ্মা কাপুৰৰ গান ‘ফুল চা ফেচ তেৰা’ত প্ৰদৰ্শন কৰিব। এই গানটোত তেওঁ কৰিশ্মা কাপুৰৰ শৈশৱৰ পৰা বলীউডৰ কেৰিয়াৰলৈ যাত্ৰা দেখুৱাবলৈ চেষ্টা কৰিব। এই প্ৰদৰ্শনত পিছফালে কৰিশ্মাৰ ছবিবোৰ শ্লাইড শ্ব’ত দেখা যাব। শেহতীয়াকৈ চনি টিভিয়ে ছ’চিয়েল মিডিয়াযোগে এক প্ৰম’ আগবঢ়াইছে। য’ত কৰিশ্মা কাপুৰক আবেগিক হোৱা দেখা গৈছে।

চাওক সেই ভিডিঅ’-

 

Exit mobile version