Site icon Guwahati Times

শিৱসেনাৰ অসম ৰাজ্যিক সমিতি গঠন

গুৱাহাটী: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অসমত তৎপৰতা চলাইছে শিৱসেনাই । মহাৰাষ্ট্ৰত সফলতাৰে চৰকাৰ-প্ৰশাসন চলাই থকা দলটোৱে ইতিমধ্যে অসমতো আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । ৰাজ্যখনত দলীয় ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে অলপতে শিৱসেনাৰ অসম ৰাজ্যিক সমিতিখন গঠন কৰা হয়।

অশ্বিনী কুমাৰ দাসক ৰাজ্যিক সভাপতি, কল্পনাথ হালৈক সহকাৰী সাধাৰণ সম্পাদক, দেৱজিত ডেকাক সাংগঠনিক সম্পাদক, মহেন্দ্ৰ মৰাণক উজনি অসমৰ তত্বাৱধায়ক আৰু শ্বাহ নাৱাজক ৰাজ্যিক আইনী উপদেষ্টাৰ দায়িত্ব প্ৰদানেৰে শক্তিশালী সমিতিখন গঠন কৰা হয় ।

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত শিৱসেনাই বলিষ্ঠভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জনাইছে দলটোৰ ৰাজ্যিক নেতৃত্বই ।

Exit mobile version