Site icon Guwahati Times

ভয়ংকৰঃ গছ কটা মেছিনেৰে হত্যা সংগীক, পিছত প্ৰেচাৰ কুকাৰত মৃতদেহৰ টুকুৰা উতলাই পৈশাচিক তৃপ্তি হত্যাকাৰীৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ আন এক ভয়ংকৰ কাণ্ড। মুম্বাইৰ এজন ৫৬ বছৰীয়া যুৱকে মুম্বাইৰ থানেৰ এক ভাড়াতীয়া এপাৰ্টমেণ্টত নিজৰ সংগীক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

খবৰ অনুসৰি লোকজনে গছ কটা মেচিনৰ সহায়ত নিজৰ সংগীৰ মৃতদেহ কাটি প্ৰেচাৰ কুকাৰত উতলাই পিছত পেলাই দিবলৈ প্লাষ্টিকৰ বেগত ভৰাই থৈছিল।

অভিযুক্ত মনোজ সাহানীয়ে বিগত তিনি বছৰ ধৰি ভুক্তভোগী সৰস্বতী বৈদ্য (৩৬)ৰ সৈতে লিভ ইন সম্পৰ্কত আছিল। মুম্বাইৰ থানেৰ মীৰা ভয়াণ্ডাৰৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে। পেছাত দোকানৰ মালিক সাহানী আৰু বৈদ্যই মুম্বাইৰ গীতা নগৰৰ আকাশ দীপ বিল্ডিঙত ৭০৪ নম্বৰৰ ভাড়াঘৰৰ ফ্লেটত বাস কৰিছিল।

আৰক্ষীৰ মতে, ৩-৪ দিন আগতে বৈদ্যক হত্যা কৰা হৈছিল। সাহানী পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত বুধবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বুধবাৰে অট্টালিকাটোৰ আন বাসিন্দাসকলৰ পৰা দম্পতীহালৰ ৰুমৰ পৰা দুৰ্গন্ধ ওলোৱাৰ অভিযোগ আহিছিল।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰাৰ সময়ত বৈদ্যৰ পচি যোৱা শৰীৰৰ অংশ উদ্ধাৰ কৰে।

আৰক্ষীৰ মতে, ফ্লেটটোৰ পৰা বৈদ্যৰ মৃতদেহৰ প্ৰায় ১২-১৩ টুকুৰা উদ্ধাৰ কৰা হৈছে। মুম্বাইৰ ডিচিপি জয়ন্ত বাজবলে জনোৱা মতে, প্ৰাথমিক তদন্ত অনুসৰি দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ দুয়োৰে মাজত মনোমালিন্য হৈ আছিল, যাৰ বাবে তেওঁক সাহানীয়ে হত্যা কৰিছে আৰু অধিক তদন্ত অব্যাহত আছে।

Exit mobile version