Site icon Guwahati Times

শৌচাগাৰত ধৰ্ষণ মানসিকভাবে বিকাৰগ্ৰস্ত মহিলাক

 

এইবাৰ পোহৰলৈ আহিছে তিনি কিশোৰৰ ভয়ংকৰ কাণ্ড। তিনিটা অপ্ৰাপ্তবয়স্ক কিশোৰে এটা ৰাজহুৱা শৌচাগাৰত মানসিকভাবে অস্থিৰ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে যৌন নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। মুম্বাইৰ ঘাটকোপাৰত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত তিনিওজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মল ত্যাগৰ বাবে ৰাজহুৱা শৌচাগাৰলৈ গৈছিল মহিলাগৰাকী। সেই সময়ত অভিযুক্ত তিনি কিশোৰে শৌচাগাৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে মহিলাগৰাকীৰ কাষলৈ।
শৌচাগাৰৰ ভিতৰতে মহিলাগৰাকীক নিৰ্মমভাবে ধৰ্ষণ কৰে পাষণ্ড কিশোৰ তিনিটাই।

কেৱল সেয়াই নহয় মহিলাগৰাকীক ধৰ্ষণ কৰা সমগ্ৰ ভিডিঅ’ মবাইলত ৰেকৰ্ডিং কৰে ধৰ্ষণকাৰীয়ে। ইয়াৰ পিছতেই সামাজিক মাধ্যমত বিয়পি যায় ভিডিঅ’টো।

ভিডিঅ’টো দেখি ভুক্তভোগীৰ মহিলাগৰাকীৰ ভাতৃয়ে শুকুৰবাৰে আৰক্ষীত এজাহাৰ দাখিল কৰে। ধৃত তিনিজন কিশোৰৰ বিৰুদ্ধে POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। মুম্বাই আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰি জুভেনাইল জাষ্টিচ ব’ৰ্ডক গতাই দিছে বুলি জানিবলৈ দিছে।

Exit mobile version