Site icon Guwahati Times

দেউতাকক বিয়া কৰোৱা এক অদ্ভুত পৰম্পৰা…..

পিতৃ আৰু জীয়েকৰ মাজৰ সম্পৰ্কক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু পৃথিৱীত এনে এখন ঠাই আছে য’ত ছোৱালীবোৰ দেউতাকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

এই অদ্ভুত পৰম্পৰা বাংলাদেশৰ মাণ্ডি জনজাতিৰ মাজত প্ৰচলিত। বাংলাদেশত বাস কৰা মাণ্ডি জনজাতিৰ কোনো মহিলা বিধৱা হ’লে, তেওঁৰ এটি কন্যা সন্তান দ্বিতীয় স্বামীলৈ আগবঢ়ায়৷ তেনে কন্যাটি দেউতাকৰ লগতে বিবাহ পাশত আৱদ্ধ হয়। সেই জনজাতিৰ এগৰাকী ৩০ বছৰীয়া মহিলা অৰোলাই উক্ত বিষয় সন্দৰ্ভত কয় যে, “মোৰ দেউতাৰ মই সৰু হৈ থাকোঁতেই মৃত্যু হয়৷ তেতিয়া মোৰ মা নোটেন নামৰ আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। মই মোৰ দ্বিতীয়জন দেউতাক দেখি সদায় ভাবিছিলোঁ যে তেওঁ কিমান ভাল মানুহ। মই এক প্ৰকাৰে মোৰ দ্বিতীয়জন দেউতাক ভাল পাইছিলোঁ।

অৰোলাই লগতে কয় যে, ” যেতিয়া মই যৌৱনত ভৰি দিওঁ, তেতিয়া মই জানিব পাৰিলোঁ যে মোৰ দ্বিতীয়জন দেউতা নোটেন মোৰ স্বামী। এই কথাৰ ভু পাই মই ক্ষোভিত হৈ পৰিছিলোঁ৷ প্ৰকৃততে, মই মাত্ৰ ৩ বছৰ বয়সত মাৰ লগতে মোৰ দেউতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছো। এনেদৰে, মোৰ দ্বিতীয়জন দেউতা মোৰ স্বামী হয়।”

দৰাচলতে, এইটো এনে এক প্ৰথা য’ত বিশ্বাস কৰা হয় যে এজন স্বামীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ নতুন পত্নীক সুৰক্ষা দিব পাৰে। এইটো এটা অতি আচৰিত পৰম্পৰা৷ যদিও ই বৰ্তমান অৱলুপ্ত প্ৰায় তথাপি সেই জনগোষ্ঠীৰ মাজত লোক চক্ষুৰ আঁৰত এনে দুই এক ঘটনা ঘটি থাকে৷

Exit mobile version