Site icon Guwahati Times

অসম বংগ সীমান্তৰ শিমুলটাপুত বেৰিকেটৰ শুভ উদ্বোধন কৰে এম ছি এল এ সজল কুমাৰ সিংহই

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি দলৰ MCLA সজল কুমাৰ সিংহই তেখেতৰ নিজা গাঁঠিৰ ধনেৰে অসম বংগ সীমান্তৰ শিমূলটাপুত কন কন ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজৰ সুৰুক্ষাৰ বাবে আজি (৩১ ছি) ৰাষ্ট্ৰীয় ঘাইপথ পাৰা পাৰৰ সুবিধাৰ্থে বেৰিকেট বনাই দিয়ে। উক্তবেৰিকেটৰ শুভ উদ্বোধন কৰে ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল কুমাৰ সিংহ।উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে শিমুলটাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়,গোসাইগাঁও চক্ৰ বিষয়া কমল জ্যোতি বৰা, বি জে পি দলৰ শ্ৰীৰামপুৰ মণ্ডল কমিটিৰ সম্পাদক মিজানুৰ মোগলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

Exit mobile version