Site icon Guwahati Times

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম চিচিবৰগাঁৱৰ ত্ৰিবেণী ৰাইদঙীয়া ভূঞা

নিজৰ প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২২ ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ ত্ৰিবেণী ৰাইদঙীয়া ভূঞা নামৰ বোৱাৰীগৰাকীয়ে।৫৬ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ এখন বাঁহৰ ডলাত ১১০ গৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন কৰি ত্ৰিবেণীয়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিৰল সন্মান ।এক্ৰাইলিক কালাৰৰ দ্বাৰা ৪ ছেন্টিমিটাৰ প্ৰতিখন ফটোৰ জোখত ষ্টেন্সিল আৰ্ট পদ্ধতিৰে ৭ ঘন্টা ২৯ মিনিট ৬ চেকেণ্ড সময়ৰ ভিতৰত বাঁহৰ ডলাখনৰ ভিতৰত ১১০ গৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন কৰে ত্ৰিবেণীয়ে।আজি ত্ৰিবেণীৰ ৰেকৰ্ডৰ প্ৰমানপত্ৰ ঘৰ আহি পোৱাৰ পিছত নিজৰ সপোন বাস্তৱ হোৱাৰ বাবে আনন্দিত হৈ পৰিছে ত্ৰিবেণী।

চৌখামটিং গাঁৱৰ দীপাংকৰ ভূঞাৰ পত্নী তথা চিচিবৰগাঁও বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ত্ৰিবেণীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ চিচিবৰগাঁওবাসী।

Exit mobile version