Site icon Guwahati Times

গোসাঁইগাঁৱত নিৰ্বাচনকেন্দ্ৰিক হিংসা; গুলি চলাবলৈ বাধ্য আৰক্ষী

গোসাইগাঁও মহকুমা নিৰ্বাচন কাৰ্য্যলয়ত উত্তপ্ত পৰিস্থিতিঃ বেলট বক্স ভাঙি প্ৰিছাইডিং বিষয়াক গুৰুলা গুৰুলকৈ প্ৰহাৰ…..
বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ছটা সমষ্টিত নিয়োজিত পলিং এজেণ্ট আৰু প্ৰিছাইডিং বিষয়াসকলে নিজৰ দায়িত্বত থকা বেলট বাকচ সমুহ গোঁসাইগাঁও মহকুমাৰ নিৰ্বাচনী কাৰ্য্যালয়ত জমা দিয়াৰ সময়তে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। একাংশ উদ্ভণ্ড লোকে ভাঙি পেলায় এটা বেলেট বক্স। শ্ৰীৰামপুৰ ৩৬ নং হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সম্পুৰ্ণ হোৱাৰ পিছত প্ৰিছাইডিং বিষয়া প্ৰিয়নাথ হাজোৱাৰীয়ে গোঁসাইগাঁও জিলা নিৰ্বাচনী কাৰ্য্যালয়ত বেলট বাকচ খুলি থকা প্ৰত্যক্ষ কৰি কোনো দলৰ হকে খেলি মেলি কৰা বুলি সন্দেহৰ ভিত্তিত কাৰ্য্যালয়ৰ ভিতৰতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে বিষয়া গৰাকীক লগতে বেলত বাকচটো ভাঙি চুৰমাৰ কৰে। ইয়াৰ উপৰিও একে সময়তে আন এজন লোককো একাংশ লোকে কাৰ্য্যালয়ৰ ভিতৰতে খেদি খেদি প্ৰহাৰ কৰে।

This is a Breaking news, More Details will be added soon

Exit mobile version