Site icon Guwahati Times

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১১ টাকৈ সোণৰ পদক অৰ্জন শিৱসাগৰৰ ৩ খেলুৱৈৰ…

 নেপালৰ পখৰাত সংযুক্ত ভাৰতীয় খেল ফেডাৰেচনে যোৱা ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত কৰা অষ্টম এছ বি কে এফ ইণ্টাৰনেচনেল গেমছ, ২০২৩-ত শিৱসাগৰৰ তিনিগৰাকী খেলুৱৈয়ে সৰ্বমুঠ ১১ টা সোণৰ পদক লাভ কৰি জিলাখনৰ লগতে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

জিলাখনৰ চিমৰণ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ ১৭ বছৰ অনুৰ্ধ্ব শাখাত ৫০ মিটাৰ আৰু ১০০ মিটাৰ ফ্ৰি ষ্টাইল, ৫০ মিটাৰ বেক ষ্ট্ৰক, ২০০ মিটাৰ ব্যক্তিগত মেডলি ৰিলেত ৪ টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে পংকজ চেতিয়াই ৩০ বছৰ অনুৰ্ধ্ব শাখাত একেই বিভাগতে ৪ টা সোণৰ পদক লাভ কৰাৰ লগতে ৫০ মিটাৰ অনুৰ্ধ্বৰ শাখাত অনন্ত ৰাজকোঁৱৰে ২০০ মিটাৰ আৰু ৪০০ মিটাৰ ত্ৰিপুল জাম্পত ৩ টা সোণৰ পদক লাভেৰে আমাক গৌৰৱান্বিত কৰিছে।

Exit mobile version