Site icon Guwahati Times

শিৱসাগৰবাসী আৰু সাংবাদিকে মিলি গীতে-মাতে সোঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গীতে মাতে সোঁৱৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম তথা জুৱা জিলা সমিতিৰ লগতে শিৱসাগৰৰ দিলিহি গোহাঁই গাওঁত তৰুণজ্যোতি পুঁথিভৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ মহিলা পৰিচালনা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।

বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাংকন, ৰাভা সংগীত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক সাৰোগত কৰি যাতে ছাত্ৰ- ছাত্ৰীসকল আগবাঢ়ি যায় সেই উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে জুৱাৰ লগতে তৰুণজ্যোতি পুঁথিভৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ মহিলা পৰিচালনা সমিতিয়ে।

Exit mobile version