পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

1 min read

ক’ভিডে ধাৰণ কৰা ভয়াৱহ ৰূপৰ বাবে শেহতীয়াকৈ তিনিমাহ বন্ধ ৰখাৰ অন্তত পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা পুনৰ মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দ্বাৰ ৷ ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনা আনুসৰি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন বুধবাৰৰ পৰা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে ঐতিহাসিক শিৱদৌলৰ প্ৰৱেশ দ্বাৰ ৷ চৰকাৰী নিৰ্দেশনাৰ পাছতে বুধবাৰৰ পুৱা 7 বজাৰ পৰা ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে শিৱ দৌলৰ প্ৰৱেশ দ্বাৰ ৷

প্ৰায় তিনিমাহৰ অন্তত নিৰ্দিষ্ট ক’ভিড বিধিৰ মাজেৰে দৌলৰ প্ৰৱেশ দ্বাৰ মুকলি দিয়া দিনটোতে ঐতিহাসিক দৌলত দেখা গৈছে ভক্তৰ ব্যাপক সমাগম ৷ কিন্তু যি সকল লোকে ক’ভিড ভেকচিনৰ দুটা পালি লৈছে সেই সকলকহে শিৱ দৌলৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ৷ যাৰ বাবে একাংশ ভক্তপ্ৰাণ ৰাইজ বিফল মনে উভতিব লগীয়া হৈছে ৷ এইক্ষত্ৰত কঠোৰ হৈছে দৌল কৰ্তৃপক্ষ ৷ সকলোৰে সু-স্বাস্থ্য বৰ্তাই ৰখাৰ স্বাৰ্থতে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দৌল কৰ্তৃপক্ষই ৷
ক’ভিড নীতিৰ মাজেৰে পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

উল্লেখযোগ্য যে, ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ অৰ্থে যোৱা 16 মে’ত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে শিৱ দৌলৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছিল ৷ ইয়াৰ সম্পূৰ্ণ তিনিমাহৰ পিছত, নিদিষ্ট ক’ভিড বিধিৰ মাজেৰে দৌলৰ দ্বাৰ খুলি দিয়া দিনটোতে বহু ভক্তৰ সমাগম হোৱাত সন্তোষ প্ৰকাশ কৰিছে দৌল কৰ্তৃপক্ষই ৷

মন কৰিবলগীয়া যে, চৰকাৰী নিৰ্দেশনা মানি শেহতীয়াকৈ হৈ যোৱা ব’লবমতো ভক্তপ্ৰাণ ৰাইজৰ বাবে বন্ধ ৰখা হৈছিল দৌলৰ প্ৰৱেশ দ্বাৰ ৷ এই সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি ভক্তপ্ৰাণ ৰাইজক ঘৰতে সুৰক্ষিত হৈ থাকি নীতি -নিয়ম পালনৰ বাবে আহ্বান জনাইছিল দৌল কৰ্তৃপক্ষই ৷ শেহতীয়া ক’ভিড নীতিত ধৰ্মীয় অনুষ্ঠান সমূহ নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰ খুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতে বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থান সমূহত দেখা গৈছে ভক্তৰ সমাগম ৷

You May Also Like

More From Author