Site icon Guwahati Times

ছালখন সযতনে ৰাখিব বিচাৰেনে…

You are what you Eat. কোনেনো নিবিচাৰে উজ্জ্বল ছালৰ গৰাকী হবলৈ! দেহৰ ছাল উজ্জ্বল আৰু সতেজ কৰি ৰাখিবলৈ খোৱাত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। আমি যি খাওঁ সেয়াই আমাৰ বহিঃৰ্ভাগত প্ৰকাশ হয়। সেউজীয়া শাক-পাচলি আৰু ফল-মূলত থকা শক্তিশালী এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ বাবে ছালৰ কোষ নষ্ট হোৱা প্ৰক্ৰিয়াক বাধা দিব পাৰে। ছালখন ভালকৈ ৰাখিবলৈ শীতকালৰ কেইবিধমান পাচলি আৰু ফল-

এভোকেডোঃ লুটেইন আৰু বেটা কেৰোটিন অত্যধিক থকা এভোকেডোয়ে ছালখন জলীয় কৰি ৰাখে। যাৰ বাবে ছাল সতেজ হৈ থাকে। ইয়াক জুচ অথবা ছালাড হিচাপে খাব পাৰি। তদুপৰি, ছালত লগাবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি।

কমলাঃ এণ্টিমাইক্ৰ’বায়েল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণৰে সমৃদ্ধ কমলা সদায়ে খাব লাগে। জাৰৰ দিনত কমলা তেনেই উপলব্ধ।

ৰঙালাউঃ এণ্টিঅক্সিডেণ্ট, ভিটামিন, খনিজ আদিকে ধৰি দেহৰ প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে থাকে ৰঙালাউত। ছালৰ নতুন কোষ সৃষ্টি কৰিব পৰা জিংক যথেষ্ট পৰিমাণে পোৱা যায় ইয়াত, যিয়ে ছালত তৈল উংপাদন কৰাত সহায়ক।

বিলাহীঃ বয়সৰ ৰেখা নপৰাকৈ ৰাখিব পৰা লাইকোপেন এণ্টিঅক্সিডেণ্ট সমৃদ্ধ বিলাহী নিয়মিত খাব লাগে। অধিক লাভালাভৰ বাবে বিলাহীৰ ৰস ছালত সানিবও পাৰে।

ষ্ট্ৰবেৰীঃ ছালৰ মৃত কোষবোৰ আঁতৰোৱাত সহায় কৰে ষ্ট্ৰবেৰীত থকা আলফা-হাইড্ৰক্সি এচিডে।

বিতঃ ভিটামিন আৰু খনিজ সমৃদ্ধ ছালৰ প্ৰয়োজনীয় সকলো গুণাগুণেৰে ভৰপূৰ বিত, যিয়ে ছাল উজ্জ্বল আৰু প্ৰগাঢ় কৰে। প্ৰদাহজনক গুণে শালমইনা নুঠাকৈ ৰাখে। ইয়াক জুচ হিচাপে খাব পাৰিলে আৰু ভাল।

গাজৰঃ উজ্জ্বল ছালৰ গৰাকী হবলৈ গাজৰ সকলোতকৈ প্ৰয়োজনীয় খাদ্য। ইয়াত থকা বেটা কেৰোটিন ছালখন সুস্থ, সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ অত্যন্ত সহায়ক।

Exit mobile version