Site icon Guwahati Times

সোণাৰিত বিশ্ব পৰিৱেশ দিৱস পালন

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে আজি সোণাৰিতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে সোণাৰিৰ শিশু চেমনীয়াৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান পথিকৃৎ গোষ্ঠীৰ উদ্যোগত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গোৱালাপথাৰ গাৱঁত আজি পুৱা এক বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথিকৃৎ গোষ্ঠীৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় সচেতন ৰাইজে গোৱালাপথাৰ মধ্য ইংৰাজী বিদ্যালয়, গোৱালাপথাৰ প্ৰাথমিক বিদ্যালয়, গোৱালাপথাৰ উপ স্বাস্থ্য কেন্দ্ৰ আৰু গোৱালাপথাৰ পানী যোগান আঁচনিৰ প্ৰাংগণত গছ পুলি ৰোপণ কৰে।

ইয়াৰ পিছতে গোৱালাপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত এক সজাগতা সভা অনুষ্ঠিত হয়। পথিকৃৎ গোষ্ঠীৰ সম্পাদক মৃত্যুঞ্জয় দাস, আৰু সদস্যা প্ৰীতিমা চাংমায়ে আঁত ধৰে সভা খনত সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী মণি গগৈ, প্ৰধান শিক্ষক গিৰিন দিহিঙীয়া, পথিকৃৎ গোষ্ঠীৰ সভাপতি পুলক গগৈ, বিষয় শিক্ষয়িত্ৰী ইন্দিৰা ফুকন, সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজীৱ কটকী আদিয়ে পৰিৱেশ দিৱসৰ তাৎপৰ্য, পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা, ছাত্ৰ ছাত্ৰীৰ দায়িত্ব আদিৰ সম্পৰ্কে ভাষণ দিয়ে। সভাত স্থানীয় ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন গীত নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে।

Exit mobile version