Site icon Guwahati Times

সুৰা কিনিবলৈ ধন নিদিয়া বাবে দিল্লীত মাতৃক হত্যা পুত্রৰ

সুৰা কিনিবলৈ ধন নিদিয়াৰ বাবেই দেশৰ ৰাজধানী মহানগৰ দিল্লীত ২২ বছৰীয়া যুৱক এজনে ৬৪ বছৰীয়া মাতৃক স্ক্রু–ড্রাইভাৰেৰে হানি–খুঁচি হত্যা কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দিল্লীৰ খাজুৰি খাছ অঞ্চলত কালি নিশা সংঘটিত হৈছে এই ঘটনা৷ অভিযুক্ত যুৱকজনক সুশীল পাণ্ডে বুলি চিনাক্ত কৰা হৈছে৷

সুশীলে মাতৃ ৰামলালী দেৱীক এনেদৰে হত্যা কৰাৰ পিছতে সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে ইতিমধ্যে সুশীলক গ্রেপ্তাৰ কৰি এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ অন্য এক পৃথক ঘটনাত আলিগড়ত এজন সোণাৰিৰ ২৪ বছৰীয়া পুত্রই নিজৰ মাতৃক হত্যা কৰি প্রায় এক কোটি টকা লৈ পলায়ন কৰিছে৷

Source – Niyomiabarta
Exit mobile version