Site icon Guwahati Times

সোণাৰিৰ টাউকাক চাহ বাগিচাত প্ৰতিবাদ

বাগিছাৰ সহকাৰী পৰিচালকে বাংলোত কাম কৰিবলৈ নি এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে বৃহস্পতিবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ টাওকাক চাহ বাগিচাৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাৰ বিৰুদ্ধে এই গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে ৷

বাগিছাৰ পৰিচালক গৰাকীক নাবালিকা গৰাকীক বিয়া কৰোৱাৰ বাবেও সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাসকলে দাবী উত্থাপন কৰিছে ৷ ইফালে এই ঘটনাত ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে টাওকাক চাহ বাগিচাৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাক নিলম্বনৰ দাবী উত্থাপন কৰিছে ৷
Exit mobile version