Site icon Guwahati Times

গুৱাহাটীত স্পাত যৌনতাঃ আগশাৰীৰ কণ্ঠশিল্পী, অভিনেতাৰ নাম পোহৰলৈ…

মহানগৰীৰ অভিজাত স্পাসমূহত চলি অহা নাৰী দেহৰ ব্যৱসায়ৰ ভয়াৱহ জাল কিমান দূৰলৈ সম্প্রসাৰিত হৈ আছে সেয়া হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে৷ আর্থিকভাৱে দুর্বল পৰিয়ালৰ সুন্দৰী যুৱতীক প্রলোভনেৰে সৌন্দর্য চর্চাৰ প্রশিক্ষণৰ নামত গুৱাহাটীলৈ আনি দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ এটা চক্র ৰাজ্যজুৰি সক্রিয় হৈ আছে৷ গুৱাহাটীত ছয়জন স্পাৰ মালিক আৰু ২২গৰাকী যুৱতীক আটক কৰাৰ পাছত পোহৰলৈ আহিছে ৰাজ্যজুৰি বিয়পি থকা এই নেটৱর্ক৷

শেহতীয়াকৈ পাণবজাৰ মহিলা আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত যোৰহাটৰ পল্লৱী কাকতি নামৰ যুৱতীগৰাকীক গ্রেপ্তাৰ কৰাৰ পাছত এটাৰ পাছত আন এটা তথ্য উন্মোচিত হৈছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি দীর্ঘদিন ধৰি যোৰহাটৰ পল্লৱীয়ে মহানগৰীৰ স্পাসমূহলৈ উজনিৰ সুন্দৰী যুৱতী যোগান ধৰিছিল৷ ইয়াৰ বিনিময়ত পল্লৱীয়ে লাভ কৰিছিল মোটা কমিছন৷

ইতিমধ্যে আৰক্ষীৰ জালত পৰা এখন স্পাৰ স্বত্বাধিকাৰী জানমণি দাস নামৰ মহিলাগৰাকীয়ে পল্লৱীৰ পৰা লাভ কৰা যুৱতীৰে মহানগৰীত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মহানগৰীত এই স্পাসমূহত নাৰী দেহৰ গ্রাহক হিচাপে আঢ়্যৱন্ত লোক আৰু সম্ভ্রান্ত ঘৰৰ বহু সন্তান আহিছিল বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ আনকি ৰাজ্যৰ আগশাৰীৰ কণ্ঠশিল্পী, অভিনেতালৈও পল্লৱীয়ে সুন্দৰী যুৱতীৰ যোগান ধৰিছিল বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷
লক্ষণীয় যে মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত থকা স্পাসমূহত অবৈধ কার্যকলাপ চলি অহাৰ অভিযোগ নতুন নহয়৷ ইয়াৰ পূর্বেও গুৱাহাটীত অভিজাত স্পাত অভিযান চলাই মহানগৰ আৰক্ষীয়ে নাৰী দেহৰ ব্যৱসায়ৰ তথ্য পোহৰলৈ আনিছে৷ আনকি স্পাসমূহৰ ভিতৰত আৰক্ষীয়ে বহু আপত্তিজনক সামগ্রীও জব্দ কৰিছে৷

ইপিনে জানমণি দাসসহ যোগনিয়াৰ পল্লৱী কলিতাক জেৰা কৰিলে বহুকেইগৰাকী আগশাৰীৰ কণ্ঠশিল্পী, অভিনেতাৰ তথ্যও পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

Exit mobile version