Site icon Guwahati Times

মাৰ্ঘেৰিটাত বিশেষ ভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন

মাৰ্ঘেৰিটাত বিশেষ ভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং বাহঁবাৰী অঞ্চলৰ ১১ বছৰীয়া বিশেষ ভাৱে সক্ষম কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰে জড়িত দিলীপ দেৱনাথ নামৰ ৫০ বছৰ উৰ্ধৰ ব্যক্তিক আটক কৰি আৰক্ষীক গটালে ৰাইজে। ঘটনাৰ বিৱৰণী অনুসৰি – কালি দিনৰ ভাগত উক্ত অভিযুক্ত দিলীপ দেৱনাথৰ ঘৰত থৈ গৈছিল মাকে কিশোৰীগৰাকীক। ঘৰত কোনো নথকাৰ সুবিধা লৈ নিৰ্যাতন চলাই বিশেষ ভাৱে সক্ষম কিশোৰীগৰাকীক। কালি দিনৰ ভাগতে সংঘটিত হৈছিল এই ঘটনা। ভয় ভাবুকিৰ বাবেই মুখ খোলা নাছিল কিশোৰী গৰাকীয়ে। কালি সন্ধিয়া এই বিষয়ে প্ৰকাশ কৰে কিশোৰী গৰাকীয়ে। ইয়াৰ পাছতে স্থানীয় ৰাইজে নিশা অভিযুক্ত উত্তম মাধম সুধাই মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়ে। অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে। অন্যহাতে আৰক্ষীয়ে আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰে লম্পট দিলীপক।

Exit mobile version