Site icon Guwahati Times

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ডুবাইলৈ আমন্ত্ৰিত অসমৰ যুৱতী

মৰিয়নিৰ তথা সমগ্ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। মৰিয়নি সমষ্টিৰ এক ভিতৰুৱা অঞ্চল চেলেং ইটাখোলাৰ প্ৰিয়ংকা মাঝি নামৰ যুৱতীগৰাকী আমন্ত্ৰিত হৈছে ডুবাইত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় মোৱাই-থাই কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে।

মনকৰিবলগীয়া আৰ্থিকভাবে স্বচ্ছল নোহোৱাৰ বাবেই প্ৰিংয়কাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহনৰ বাবে আমন্ত্ৰণ লাভ কৰিও বিমান যাত্ৰাৰ ব্যয় বহন কৰিবলৈ সক্ষম নোহোৱাত সম্প্ৰতি বিপাঙত পৰিছে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকী।উল্লেখ্য যে, পাঞ্জাৱ,হাৰিয়ানা, আদিকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত সুনাম অৰ্জন কৰাৰ লগতে ২০২১চনত মণিপুৰত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা মাঝি।

কিন্ত সম্প্ৰতি অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে ডুবাইলৈ যাত্ৰা কৰিবৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিছে।উল্লেখ্য অহা ২৬ মেৰ পৰা ডুবাইৰ আবুধাবিত অনুষ্ঠিত হবলগা আন্তঃৰাষ্ট্ৰীয় মুৱাই থাই কিক বক্সিং প্ৰতিযোগিতাত অসমৰ আন তিনি  প্ৰতিযোগীৰ সৈতে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰিয়ংকাই ২৪মেত নিজ গৃহৰ পৰা যাত্ৰা কৰাৰ কথা।

এইক্ষেত্ৰত ক্ৰীড়াবিদ গৰাকীয়ে চৰকাৰ তথা বিভিন্ন ব্যক্তি দল সংগঠনৰ সহায় আহ্বান কৰিছে।ইচ্ছুক ব্যক্তিয়ে প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীৰ কিছু সহায় কৰিব বিচাৰিলে প্ৰিয়ংকাৰ টীয়কস্থিত এচ বি আই শাখাৰ 38382018658 নং একাউন্ট (আই এফ চি SBIN 0001718) ত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰিব।

Exit mobile version