Site icon Guwahati Times

লেটেকুপুখুৰীত মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

 আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীটো উদযাপন কৰা হৈছে 425 সংখ্যক তিৰোভাৱ তিথি ৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি ৷

উল্লেখ্য যে, মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’বলৈ উৎসাহ দিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’ । এহেজাৰটা ঘোষা থকা বাবে নামঘোষাক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ।

মাধৱদেৱে একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ । অৱশ্যে, ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে । তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰিছে ৷ মহাপুৰুষগৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৷

Exit mobile version