Guwahati Times

ৰঙিয়াত ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ।থলুৱাক বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ

আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুশ গোৱেলৰ প্ৰতিমূৰ্তি দাহ কৰে । উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক গোপনে নিযুক্তি দিয়াৰ প্ৰতিবাদত এই প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী গ্ৰহণ কৰে । বছৰ বছৰ ধৰি অসমীয়া তথা উত্তৰ পূৱৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক ৰেল বিভাগে প্ৰতাৰণা কৰি অহাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা নিৰন্তৰ ভাবে প্ৰতিবাদ কৰি আহিছিল । ইমানৰ পিচতো যোৱা কিছুদিন পূৰ্বে ৰঙিয়া মাণ্ডলীক ৰেল প্ৰৱন্ধকৰ কার্যলয়ত প্ৰায় ৫० জনকৈ বহিৰাগত যুৱকক গোপনে নিযুক্তি দিয়া হৈছিল ৰেল বিভাগত । আজি তাৰেই প্ৰতিবাদত ছাত্ৰ সন্থাৰ সদস্যসকলে ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।সন্থাৰ কার্য্যকৰ্তা হেমন্ত দাসে অসমৰ সাংসদ সকলৰ ভূমিকাৰ ওপৰত ও তীব্ৰ ক্ষোভ উজাৰি কয় যে সাংসদ সকলে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰাৰ বাবেই ৰেল বিভাগে উত্তৰ পূৱৰ শিক্ষিত যুৱক-যুৱতী সকলক এইদৰে প্ৰতাৰণা কৰি আহিছে । ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ কার্য্যকৰ্তা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থত এখন সুকীয়া বʼৰ্ড গঠনৰ বাবেও দাবী উত্থাপন কৰে। আজিৰ এই কাৰ্যসূচীত ছাত্ৰসন্থাৰ নেতা হেমন্ত ডেকাসহ ,মৃন্ময় কুমাৰ ডেকা,তফিকুৰ ৰহমান,বুবুল আলী,জয়ন্ত শৰ্মাকে ধৰি বহুতো সদস্য উপস্থিত থাকে ।

Exit mobile version