Site icon Guwahati Times

STF বাহিনীৰ সফল অভিযানঃ ২ড্ৰাগছ সৰবৰাহকাৰী হাতে-লোটে কৰায়ত্ত

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এছ টি এফৰ সফল অভিযান। সোমবাৰে এছ টি এফৰ এটা দলে মানকাছাৰ থানা এলেকাৰ কুচনিমাৰা নামৰ ঠাইৰ পৰা ২জন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

খবৰ অনুসৰি এক বিশেষ সূত্ৰৰ পম খেদি অসম এছ টি এফৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ ২ ছেপ্তেম্বৰৰ পুৱা গুৱাহাটীৰ পৰা দক্ষিণ শালমাৰা-মানকাছাৰ জিলালৈ ৰাওনা হয়। দলটোৱে উক্ত স্থানত অভিযান চলাই সোমবাৰে বিয়লি ৪বজাত মানকাছাৰ থানা এলেকাৰ কুচনিমাৰা নামৰ ঠাইৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনক কৰায়ত্ত কৰে।‌

উল্লেখ্য যে, সৰবৰাহকাৰী দুজনে বুজন পৰিমাণৰ ড্ৰাগছ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে গ্ৰাহকক প্ৰলোভন দি মাতি আনি বলপূৰ্বক ধন লুট কৰে। সেই স্থানতো তেনে প্ৰয়াস কৰি থাকোতেই এছটিএফ-ৰ অভিযানকাৰী দলটোৱে দুয়োজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। অপৰাধী দুজনৰ বিৰুদ্ধে আইনগত যাৱতীয় ব্যৱস্থা লোৱাৰ উদ্দেশ্যেৰে স্থানীয় মানকাছাৰ থানাত চমজাই দিয়ে।

Exit mobile version