আৱদ্ধ হৈ পৰা চতিয়া সমষ্টিৰ ১৩ যুৱকক বিধায়ক পদ্ম হাজৰিকাই নিজা উদ্যোগত আনিলে নিজ ঘৰলৈ

1 min read

জামুগুৰিহাটৰ: চন্দন শৰ্মাৰ: অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত তথা নিজ গৃহ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ দিপলুঙালৈ আহি তিনিচুকীয়াত আৱদ্ধ হৈ থকা ১৩ জন যুৱকক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আনিলে নিজ গৃহলৈ । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত হৈ আছিল ডিপলুঙা বাগানৰ এই যুৱক সকল ।

বিভিন্ন অসুবিধাৰ মাজত তেজুত থকাৰ অন্ততঃ নিজ গৃহলৈ ওভতিছিল যুৱক কেইজন । কিন্তু আৰ্থিক অসুবিধাৰ বাবে দেওবাৰে তিনিচুকীয়াত আবদ্ধ হৈ পৰে ১৩ জনকৈ যুৱক ।

তিনিচুকীয়াত উপস্থিত হৈ যুৱক কেইজনে যোৱা দেওবাৰৰ নিশা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগত যোগাযোগ কৰি তেওঁ লোকৰ সমস্যাৰ কথা প্ৰকাশ কৰে ।

সমষ্টিটোৰ এইসকল যুৱকৰ দুৰৱস্থাৰ কথা জানিব পাৰি বিধায়ক গৰাকীয়ে লগে লগেই বিধায়ক গৰাকীৰ ব্যক্তিগত উদ্যোগত AS 23AC 1905 আৰু AS 06AC 4592 নম্বৰৰ দুখন বাহনৰ ব্যৱস্থা কৰি তেওঁলোকক তিনিচুকীয়াৰ পৰা ঘৰলৈ অহাৰ সু ব্যৱস্থা কৰি দিয়ে । জানিব পৰা মতে বৰ্তমান যুৱক কেইজনক কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে সমষ্টিটোৰ ৰাইজৰ বিপদৰ সময়ত প্রতিমুহূৰ্ততে থিয় দি অহা বিধায়ক পদ্ম হাজৰিকাৰ এনে মহৎ ভূমিকাৰ শলাগ লৈছে ৰাইজে ।

You May Also Like

More From Author