31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

নগাঁৱত শংকৰ সংঘৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণক সম্বৰ্ধনা

Assamese Newsনগাঁৱত শংকৰ সংঘৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,২৯আগষ্ট:–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা (৭৫ শতাংশ নম্বৰৰ অধিক নম্বৰ লাভ কৰা) সংঘৰ সংগীসকলৰ কীৰ্ত্তিমান ছাত্ৰ-ছাত্ৰীসকলক ৰবিবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে সংঘৰ জিলা কাৰ্যালয়ত সংঘৰ জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল কুমাৰ বৰাই কয় যে আমাৰ কীৰ্তিমান বহু ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক,অভিযন্তাৰ হোৱাৰ সপোন দেখে ৷ ই নিশ্চিতভাৱে ভাল কথা ৷ কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিব লাগিব ৷

তেতিয়াহে দেশ তথা সমাজক সঠিকভাৱে আগুৱাই নিয়াত সফল হ’ব পৰা যাব ৷ সপোন দেখিব লাগিব,সেই সপোনে দেশ তথা জাতিক প্ৰতিষ্ঠা কৰিব লাগিব ৷ ভাষণ প্ৰসঙ্গত ড° বৰাই আৰু কয় যে মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান আহিব পাৰে ৷ কিন্তু সেই প্ৰত্যাহ্বান নেওচি আগুৱাই যাব লাগিব ৷ ড° বৰাই লগতে ছাত্ৰ-ছাত্ৰীসকলক ম’বাইল ফ’ন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ সংঘৰ জিলা শাখাৰ শিক্ষা বিভাগৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনি উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই ৷ ঈশাপ্ৰিয়া শইকীয়াৰ বৰগীতৰে আৰম্ভ হোৱা আৰু তোষেশ্বৰ বৰাই আঁত ধৰা সভাখনিত কীৰ্তিমান ছাত্ৰ-ছাত্ৰী ক্ৰমে অভিনৱ ৰঞ্জন বৰা,ভাৰ্গৱ বৰুৱা,দৰথী বৰা, জ্যোতিস্মিতা ভাগৱতী আৰু প্ৰিয়াশী হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: