Site icon Guwahati Times

গাঞ্জাই যৌন আনন্দ বৃদ্ধি কৰে! গৱেষকৰ দাবী !

ভাৰতত গাঞ্জা বা ভাং সেৱন কৰাটো আইনগতভাৱে নিষিদ্ধ। কিন্তু এই ভাঙে যৌন সম্পৰ্কৰ আনন্দ বৃদ্ধি কৰিব পাৰে। স্পেনিছ গৱেষকৰ এটা দলে এনে এটা চাঞ্চল্যকৰ দাবী কৰিছে।

স্পেইনৰ আলমেইৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ২৭৪ জন পুৰুষ-মহিলাৰ ওপৰত এই অধ্যয়ন চলাইছিল। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ৮৯ জন পুৰুষ আৰু ১৮৫ গৰাকী আছিল মহিলা। সকলোৰে বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত।

অধ্যয়নটোত কোৱা হৈছে যে পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত গাঞ্জা বা ভাং সেৱন কৰাসকলে যৌন সম্পৰ্ক আৰু যৌন সম্পৰ্কৰ ক্ষেত্ৰত যথেষ্ট বেছি সন্তুষ্টি লাভ কৰা দেখা গৈছে। গৱেষকসকলৰ মতে, ভাঙে যদিও যৌন সম্পৰ্কৰ আনন্দ বৃদ্ধি কৰে, তথাপিও ই যৌন সম্পৰ্কৰ ইচ্ছা বৃদ্ধি নকৰে। বৃহৎ সংখ্যক বিশেষজ্ঞৰ দাবী যে গাঞ্জাই পুৰুষৰ শুক্ৰাণুৰ ক্ষতি কৰিব পাৰে। গতিকে ইয়াৰ ব্যৱহাৰ এতিয়াও কিমান সুৰক্ষিত সেয়া প্ৰমাণিত হোৱা নাই।

Source: https://www.nytimes.com/2022/04/01/well/live/marijuana-sex.html?smid=wa-share

Note: This article has been taken from a case study & Guwahati Times in no way promotes smoking of mariwana/ganja or any such substances.

Exit mobile version