সোণৰ অলঙ্কাৰ , দামী দামী পোচাক , ঘড়ী চুৰি কৰি নিয়াৰ পিছত লোভ সামৰিব নোৱাৰি প্ৰস্তুত কৰিলে টিকটক ভিডিঅ । পিছত ভিডিঅ’ দেখি হতবাক হৈ পৰে গৃহস্থ।
গুৱাহাটী: এগৰাকী যুৱতীয়ে এটা পৰিয়ালৰ পৰা চুৰি কৰিলে বৃহৎ পৰিমাণৰ সোণৰ অলঙ্কাৰ । অলঙ্কাৰৰ লগতে চুৰি কৰি নিলে ভাল ভাল ডিজাইনৰ কাপোৰ , ঘড়ীকে ধৰি আন বহু সামগ্ৰী । ব্যস্ত হৈ থকা ঘৰৰ গৃহস্থই কিছুদিনৰ পিছত ঘৰৰ আলমাৰি খুলি হতভম্ব হৈ পৰে । কাৰণ গুৱাহাটী আৰু যোৰহাটৰ দুটা ঘৰৰ পৰা সোণৰ অলংকাৰ সহ বহু সামগ্ৰীয়ে নোহোৱা হৈছিল । কিন্তু কপাল ভাল আছিল গৃহস্থৰ ।কেইটামান টিকটক ভিডিঅ’ই সন্ধান দিলে চুৰি সামগ্ৰীসমূহৰ।
চুৰিকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ ঘৰ আছে গুৱাহাটীৰ ভি আই পি ৰডৰ পেলেছিয়া পাৰ্ক এপাৰ্টমেন্ট আৰু যোৰহাটৰ হাবিচুকত । মাকৰ অসুস্থতাৰ বাবে গুৱাহাটীৰ সঁহাৰি নামৰ NGOটোৰ পৰা মাতৃৰ সুশ্ৰষাৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত চুমি কলিতা নামৰ এগৰাকী পৰিচাৰিকাক নিয়োগ কৰিছিল পৰিয়ালটোৱে । অতি ব্যস্ত থকা পৰিয়ালটোৰ সৰলতাৰ সুযোগ লৈ ধীৰে ধীৰে চুমিয়ে গুৱাহাটী আৰু যোৰহাটৰ বাসগৃহৰ আলমাৰিৰ লকাৰৰ পৰা সোণৰ অলঙ্কাৰ আৰু আন কিছু মূল্যবান সামগ্ৰী সৰকাবলৈ ধৰে । অৱশেষত যোৱা 6 মে’ত চুমিয়ে পৰিয়ালটোৰ পৰা কাম এৰি লক্ষীমপুৰৰ ঘৰলৈ গুচি যায় । তাৰ পিছতে পোহৰলৈ আহে এই চুৰিকাণ্ডৰ ঘটনা । কিন্তু এই চুৰিকাণ্ড ধৰা পৰাৰ আৰৰ কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব ।

