Site icon Guwahati Times

শিক্ষক নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীৰ এডমিট কাৰ্ডত ছানী লিয়নীৰ ফটো !

কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষাৰ এগৰাকী প্ৰাৰ্থীৰ এখন এডমিট কাৰ্ড ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ছপা হৈছে বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ এখন অশ্লীল ফটো।

কৰ্ণাটক কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ বি আৰ নাইডুৱে টুইটাৰত এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছে, “শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ফটোৰ পৰিৱৰ্তে শিক্ষা বিভাগে ব্লু ফিল্মৰ অভিনেত্ৰীৰ ফটো ছপা কৰিছিল। বিধানসভাৰ ভিতৰত ব্লু ফিল্ম চোৱা দলৰ পৰা আৰু কি আশা কৰিব পাৰি!”

এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী বি চি নাগেশৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰাৰ্থীগৰাকীয়ে আবেদন পত্ৰ পূৰণ কৰোঁতে এখন ফটো পৰ্টেলত আপলোড কৰিব লাগিব, তাৰ পিছত চিষ্টেমে ফাইলটোৰ সৈতে তেওঁলোকে সংলগ্ন কৰা ফটোখনেই লয়। লগতে কয় যে যেতিয়া বিভাগটোৱে তেওঁৰ ওচৰলৈ গৈছিল, প্ৰাৰ্থীগৰাকীয়ে কৈছিল যে তেওঁৰ স্বামীৰ বন্ধুৱে তেওঁৰ তথ্যখিনি পৰ্টেলত আপলোড কৰিছিল।
প্ৰাৰ্থীগৰাকী চিকমাগালুৰ জিলাৰ বাসিন্দা। তেওঁ শিৱমোগ্গাত শিক্ষক পদৰ বাবে আৱেদন কৰিছিল।

Exit mobile version