Swiggy-Zomato’ বয়ৰ বেশত ড্রাগ্ছৰ হোম ডেলিভাৰী মহানগৰীত

1 min read

গুৱাহাটীঃ  ক’ৰোনাসৃষ্ট পৰিস্থিতিত ৰাজ্যজুৰি বলৱৎ হৈ আছে আংশিক লকডাউন৷ দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ কিন্তু অনলাইন ডেলিভাৰী সেৱাসমূহক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে যোগান ধৰিছে ব্রাউন ছুগাৰৰ দৰে ড্রাগ্ছ৷ মহানগৰ আৰক্ষীৰ অভিযানত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷

ড্রাগ্ছৰ হোম ডেলিভাৰীত জড়িত তিনিজন সৰবৰাহকাৰীক পল্টনবজাৰ আৰক্ষীয়ে মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৰা গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী হৈছে শুভাংকৰ সৰকাৰ, ব্রজেন দাস আৰু গায়ত্রী ৰয়৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ৬ গ্রাম ব্রাউন ছুগাৰ আৰু ১৩টা কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত তিনি ড্রাগ্ছ সৰবৰাহকাৰীৰ ভিতৰত ব্রজেন দাসে ছুইগীৰ জৰিয়তে খাদ্য–সামগ্রী ঘৰে ঘৰে যোগান ধৰে৷ একে সময়তে তেওঁ দীর্ঘদিন ধৰি ড্রাগ্ছো যোগান ধৰি আহিছিল৷

ড্রাগ্ছ যোগানত ব্যৱহূত স্কুটীখনো জব্দ কৰিবলৈ সক্ষম হৈছে৷ কেৱল ব্রজেন দাসেই নহয়, ছুইগী–জমেট’ৰ ডেলিভাৰী বয়ৰ বেশত আৰু বহুতেই সুৰা, গাঞ্জা, ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছে৷ তেওঁলোকৰ সন্ধানতো আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে৷ ইফালে, চানমাৰি আৰক্ষীয়ে দুটা পৃথক অভিযানত বাপধন পাঠক আৰু আয়ুব আলী নাম দুজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷

আৰক্ষীয়ে ৪৩ গ্রাম হেৰ’ইন আৰু নগদ ১১,৬২০ টকা তেওঁলোকৰ পৰা জব্দ কৰে৷ একেদৰে বশিষ্ঠ আৰক্ষীয়ে এন ই এফ ল’ কলেজৰ সমীপৰ পৰাও ড্রাগ্ছসহ দুজন যুৱক–যুৱতীক গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ বোন্দাত চলা অনুৰূপ অভিযানত ড্রাগ্ছসহ মণ্টু দেউৰী, যতীন কলিতা আৰু বিকাশ ৰয় নামৰ তিনিজন সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে৷

ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে সদৰী কৰা মতে দেওবাৰৰ দিনটোত ৰাজ্যত ড্রাগ্ছ সম্পর্কীয় ১৭টা গোচৰ ৰুজু হোৱাৰ লগতে গ্রেপ্তাৰ হৈছে ২৫জন লোক৷ কালিৰ অভিযানত ৩৫৭.৬৭ গ্রাম হেৰ’ইন, ৪২.৮০৯ কেজি গাঞ্জা, ২২,৬০৪টা টেবলেট, ১ কেজি অপিয়াম, ৩৬৯ কেজি পপী ষ্ট্র আৰু নগদ ৩৬,২৫০ টকা জব্দ কৰে৷ Source: Newslive TV

You May Also Like

More From Author